NORTHEAST NOW (Assamese)
অসম

বিশাল শোভাযাত্ৰাৰ মাজেৰে হাফলঙত গোবিন্দ চন্দ্ৰ লাংথাচাৰ অন্ত্যেষ্টি ক্ৰিয়া

Posted by: পংকজ কুমাৰ দেব February 4, 2018 5:43 pm
Funeral ceremony of G.C Langthasa

শুকুৰবাৰে নিশা ১ বজাত শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ আজি হাফলং ডিমাচা শ্মশানত অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়।

অন্ত্যেষ্টি ক্ৰিয়াৰ পূৰ্বে হাফলং চহৰত এক বিশাল শোভাযাত্ৰাৰ যোগেদি  প্ৰাক্তন মন্ত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱা হয়।

শোভাযাত্ৰাত প্ৰদেশ কংগ্ৰেছ নেতা বিদ্যাসিঙ ইঙলেঙৰ লগতে জিলাৰ প্ৰবীন কংগ্ৰেছ নেতা নলেন্দ্ৰ কাৰিগাপছা, বিৰাট লাংথাচা,  সাংসদ বিৰেন সিঙ ইংতি, পৰিষদৰ প্ৰাক্তন ইএম বিমল হোজাই তথা সহস্ৰাধিক গুণমুগ্ধ ৰাইজে অংশ গ্ৰহণ কৰে।

আনহাতে প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে সোমবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে। উক্ত দিনা পৰিষদ প্ৰশাসনৰ নিয়ন্ত্ৰণত থকা চৰকাৰী প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব।

ইয়াৰ উপৰি হাফলং মাৰ্চেন্ট এচচিয়েছনেও সোমবাৰে তেওঁলোকৰ দোকান পোহৰ বন্ধ ৰাখিব।

উল্লেখযোগ্য যে ১৯৫২ চনত চৰকাৰী চাকৰি এৰি ৰাজনীতিত যোগ দিয়া গোবিন্দ চন্দ্ৰ লাংথাচা অসম মন্ত্ৰীসভাত তিনি বাৰকৈ মন্ত্ৰী আছিল।

৯ বছৰ কাল ধৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম হৈ থকা লাংথাচাৰ দুগৰাকীকৈ পুত্ৰক উগ্ৰপন্থীয়ে গুলিয়াই হত্যা কৰিছিল।