NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট অনুবাদক, অধ্যাপক আবুল লেইচৰ মৃত্যুত মুখ্যমন্ত্ৰী সোণোৱালৰ শোক

Posted by: এন ই নাও নিউজ June 16, 2018 7:23 pm
মুখ্য মন্ত্ৰী

বিশিষ্ট অনুবাদক, অধ্যাপক আবুল লেইচৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।

আজি এক শোক বাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰয়াত আবুল লেইচে জীৱনকালত অতি নিষ্ঠা আৰু অধ্যাৱসায়েৰে ৰাজ্যখনৰ বিদ্যায়তনিক দিশত যথেষ্ট অৰিহণা আগবঢ়োৱাৰ উপৰি পৃথিৱীৰ বিভিন্ন ভাষাৰ বহু কেইখন গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি আমাৰ ভাষা-সাহিত্যৰ উত্তৰণৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে।

তাৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয় তথা তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি বিদ্যায়তনিক দিশত অৰিহণা আগবঢ়োৱা প্ৰয়াত আবুল লেইচে মাৰ্ক টোৱেইনৰ ‘টম চয়াৰ’, ৰাডয়াৰ্ড কিপলিঙৰ ‘জাংগল বুক’, জাৰ্মান লেখক এৰিখ মাৰিয়া ৰেমাৰ্কৰ ‘ড্ৰাই কামৰাডেইন’, আৰ কে নাৰায়ণৰ ‘স্বামী এণ্ড ফ্ৰেণ্ডছ’ ইত্যাদি বিশ্ব সাহিত্যৰ বহু কেইখন গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি আমাৰ ভাষা-সাহিত্যৰ দিশলৈ উল্লেখযোগ্য বৰঙণি অগবঢ়াই গৈছে। ফলত এই গৰাকী বিশিষ্ট অনুবাদক, অধ্যাপকৰ বিয়োগ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিশিষ্ট অনুবাদক, অধ্যাপক আবুল লেইচৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।