NORTHEAST NOW (Assamese)

বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক জীৱন শিল্পী আদ্য শৰ্মা বঁটা

February 23, 2018 7:57 am · এন ই নাও নিউজ

২০১৮ বৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক। গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নলবাৰী আৰ্ট স্কুলৰ বাকৰিত আয়োজিত আদ্য শৰ্মাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে নলবাৰী আৰ্ট স্কুলৰ বিষয়ববীয়াসকলে।

বঁটা গ্ৰহণ কৰি যথেষ্ট আত্মসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় নাট্য শিল্পী দুলাল ৰয়ক। ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমান আমাৰ সমাজখনক অপসংস্কৃতিয়ে গ্ৰাস কৰিবলৈ অহৰহ প্ৰচেষ্টা চলায় থকা পৰিলক্ষিত হৈছে। তেওঁ লগতে নতুন প্ৰজন্মৰ একাংশই অসমৰ চহকী কলা-সংস্কৃতি বিকৃত কৰিবলৈ উঠি-পৰি লাগিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি সত্ৰ নগৰী মাজুলীত সত্ৰাধিকাৰসকলৰ উপস্থিতিতে মাতৃভাষাত অংকীয়া ভাওনা প্ৰচলনৰ দৰে কাৰ্যক অপসংস্কৃতিৰ অংগ বুলি কৈ নাট্য শিল্পীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসংগতো সৰৱ হোৱা পৰিলক্ষিত হয়। তেওঁ ভ্ৰাম্যমাণত ছিণ্ডিকেট তথা অশ্লীলতাৰ প্ৰসংগ টানি আনি ভ্ৰাম্যমাণ থিয়েটাৰৰ ঐতিহ্য নষ্ট নকৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে ২০১৬ চনৰ পৰাই নলবাৰী আৰ্ট স্কুলে প্ৰদান কৰি অহা জীৱন শিল্পী আদ্য শৰ্মাৰ বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা, প্ৰশস্তি-পত্ৰ, স্মাৰক, শৰাই, ফুলাম জাপি আৰু চেলেং চাদৰ।

বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্য শিল্পী তথা দুলাল ৰয়ৰ সহধৰ্মিণী শান্তি ছায়া ৰয়, বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মন, সাহিত্যিক হেমন্ত কুমাৰ দত্ত, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিভূ দত্ত উপস্থিত আছিল।

নলবাৰী আৰ্ট স্কুলৰ সভাপতি পবিন শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানটোৰ আঁত ধৰে স্কুলখনৰে সম্পাদক শৈলেন শৰ্মাই। আৰ্ট স্কুলখনে আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ মাজেৰে কালি এই বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

আনহাতে গুৰুজী আদ্য শৰ্মাৰ তৃতীয় সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা ছাত্ৰ সন্থায়ো ৰং ভাৱনা নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে।

Related News