NORTHEAST NOW (Assamese)
অসম

বিশুদ্ধ খোৱাপানী যোগানৰ নামত বৰবিহ; ড্ৰিংকিং ৱাটাৰ বটল নহয় যেন কিলিং ৱাটাৰ

Posted by: কাজি জেইদুল ইছলাম May 9, 2018 12:00 pm
IMG_20180508_131309

এতিয়া ৰাজ্যত বিশুদ্ধ খোৱাপানী যোগানৰ নামত দোকানে দোকানে একাংশ কোম্পানীয়ে যোগান ধৰিছে বৰবিহ | খাদ্য অসমাৰিক যোগান বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়াৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যত ড্ৰিংকিং ৱাটাৰৰ নামত পানী প্ৰস্তুত কৰা কোম্পানীয়ে এনেদৰে বৰবিহ খুৱাইছে জনসাধাৰণক।

তেনে এটা কোম্পানী হৈছে একুৱা ডিলাইট। বিশ্বনাথৰ বালিপুখুৰিৰ এখন পান দোকানত দৰং জিলাৰ খাৰুপেটীয়াৰ একুৱা ডিলাইট কোম্পানীটোৱে প্ৰস্তুত কৰা পানীৰ বটলে বটলে দেখা গৈছে নীলাপানী বা শেলাই নাইবা অপৰিস্কাৰযুক্ত পদাৰ্থ৷ যি পানী সেৱন কৰি অসুস্থ হৈ পৰিছে বিশ্বনাথ অঞ্চলৰ বহু লোক ৷

IMG-20180509-WA0022

বিশুদ্ধ খোৱাপানী যোগানৰ নামত একুৱা ডিলাইট নামৰ কোম্পানীটোৰ ড্ৰিংকিং ৱাটাৰ বটলৰ যোগান বন্ধ কৰাৰ দাবীত ইতিমধ্যে বিশ্বনাথ উপায়ুক্তৰ ওচৰত গ্ৰাহক সুৰক্ষা আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

শেহতীয়াকৈ অহা এক গোপন সুত্ৰৰ পৰা জানিব পৰা মতে ধৃত কোম্পানীটোৰ স্বত্তাধিকাৰীয়ে ৰাজ্যজুৰি হোৱা কোম্পানীটোৰ বদনামৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে কোম্পানীটোৰ ব্ৰেণ্ড নেম সলনি কৰাৰো যোজা কৰিছে ৷