NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নিজ ঘৰতে কিশোৰীৰ মৃতদেহ উদ্ধাৰ : ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

Posted by: কাজি জেইদুল ইছলাম April 17, 2018 9:51 pm
সমগ্ৰ ৰাজ্যতে নাৰীজনিত অপৰাধমূলক কাৰ্য কলাপ বৃদ্ধি পাই অহাৰ সময়তে বিশ্বনাথত সংঘটিত হয় এক জঘন্য ঘটনা।
উল্লেখযোগ্য যে বিশ্বনাথৰ বালিচাং ১ নং দিৰিং পথাৰৰ নিজ বাসগৃহতে মঙলবাৰে ১২ বছৰীয়া প্ৰিয়ংকা লয় নামৰ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
আনহাতে স্থানীয় লোকে ১২ বছৰীয়া কিশোৰী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সমীপৰে শিৱ কুমাৰ নামৰ এজন লোকে ধৰ্ষণ কৰি পিছত ৰচীৰে ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
লগতে কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়েও কিশোৰী গৰাকীৰ হত্যাৰ লগত তেওঁলোকৰ বাসগৃহৰ সমীপৰ ৫৫ বছৰীয়া ব্যক্তি শিৱ কুমাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে।
আন একাংশ স্থানীয় ৰাইজে জনোৱা অনুসৰি শিৱ কুমাৰ কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল। যাৰ পৰিণতিতে শিৱ কুমাৰে কিশোৰী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে অভিযুক্ত শিৱ কুমাৰক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য তথা ধৰ্ষণৰ সত্যতা।