NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত পৰাগ কুমাৰ দাস স্মৰণ অনুষ্ঠান ‘জাগৰণ’ৰ

Posted by: কাজী জেইদুল ইছলাম May 17, 2018 9:25 pm
ParagKumarDas

এগৰাকী অক্লান্ত সেনানী| নিৰ্ভীক চহিদ সাংবাদিক পৰাগ কুমাৰ দাস।  ১৯৯৬ চনৰ আজিৰ দিনটোতে এইগৰাকী ডেকা অসমীয়াই প্ৰাণ হেৰুৱাইছিল অচিনাক্ত দুৰ্বৃত্তৰ হাতত|

আজি ২২ তম মৃত্যুবাৰ্ষিকীত সমগ্ৰ অসমতে তেওঁক স্মৰণ কৰা হয়| বিশ্বনাথ চাৰিআলিৰ অন্যতম সামাজিক অনুষ্ঠান জাগৰণৰ তৰফৰ পৰা  জাতীয় চহিদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বিশ্বনাথ চাৰিআলিৰ দুয়োটা ট্ৰেফিক পইন্টত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।