NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সন্মান প্ৰদান অসমীয়া সাহিত্য সন্মিলনীৰ

Posted by: কাজি জেইদুল ইছলাম March 30, 2018 10:39 pm

শুকুৰবাৰে  বিশ্বনাথ মহাবিদ্যালয়ৰ সভাকক্ষত অসমীয়া সাহিত্য সন্মিলনীৰ  উদ্যোগত অনুষ্ঠিত এখন বিশেষ সভাত বিশ্বনাথৰ বিশিষ্ট নাট্যকাৰ, সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সৰ্বোচ্চ সন্মান  প্ৰদান কৰা হয়।

অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এই সভাত সভাপতিত্ব  কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যকৰি সভাপতি দিলীপ বৰাই।

সন্মিলনীৰ প্ৰধান সম্পাদক ড০ অনুৰাধা শৰ্মাই উদ্দেশ্য বাখ্যা কৰা এই সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট নাট্যকৰ্মী ঐশ্বৰ্য্য কাকতিয়ে।

সভাত অসমীয়া সাহিত্য সন্মিলনীৰ ‘সদস্য বৰেণ্য’ সন্মান প্ৰাপক বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াক বিশ্বনাথৰ ২৫ টাৰো অধিক দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা এটি সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰানা প্ৰসাদ হাজৰিকা, ভোলা কটকী, বিশিষ্ট সমাজকৰ্মী জিতেন ভাগৱতীয়েও বক্তব্য আগবঢ়াই।

আনহাতে এই সন্মান লাভ কৰা তৰুণ শইকীয়াই সভাত বক্তব্য দাঙি ধৰি অসমীয়া সাহিত্য সন্মিলনীৰ এনে প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।