NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ ফাৰ্মেচিত ঔষধ পৰিদৰ্শকৰ অভিযান : দুখন ফাৰ্মেচিৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিলৰ পদক্ষেপ

Posted by: এন ই নাও নিউজ June 13, 2018 1:18 pm
PharmacyCouncilofIndia

ফাৰ্মাচি কাউন্সিলৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ব্যৱসায় চলাই থকা তথা বিশ্বনাথৰ ফাৰ্মাচিবোৰৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন। জানিব পৰামতে, জিলাখনৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰভেজ আমিনৰ নিৰ্দেশত ১২ জুনত বিশ্বনাথৰ ৰাজহচক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত এজন ঔষধ পৰিদৰ্শক আৰু আৰক্ষী বিষয়াৰ এটা দলে বিশ্বনাথ চাৰিআলিৰ কেইবাখনো ফাৰ্মাচিত অভিযান চলায়। এই অভিযানৰ সময়ত ফাৰ্মাচিবোৰৰ অনুজ্ঞাপত্ৰকে ধৰি বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰা হয়।

সূত্ৰটোৱে জনোৱামতে, চহৰখনৰ এমি ফাৰ্মাচিউটিকেলছ আৰু এছ বি মেডিকেল নামৰ ফাৰ্মাচি দুখনে ফাৰ্মাচী কাউন্সিলৰ নীতি-নিৰ্দেশনা উলংঘা কৰা বুলি অভিযানকাৰীৰ অনুসন্ধানত ধৰা পৰে। অভিযানৰ সময়ত ফাৰ্মাচি দুখনে উপযুক্ত নথি-পত্ৰ অবিহনে বিদেশী ঔষধ মজুত ৰখাৰ তথ্য পোৱা বুলি দলটোৱে জানিবলৈ দিয়ে। ফলত ঔষধ পৰিদৰ্শকজনে দুয়োখন ফাৰ্মাচিৰে অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিলৰ বাবে জনাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে।

আনহাতে একে সময়তে বিশ্বনাথৰ নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ আবুল কালামৰ নেতৃত্বত আন এটা অভিযানকাৰী দলে বিশ্বনাথ চাৰিআলি চহৰৰ বিভিন্ন স্থানত অভিযান চলাই কাৰ্বাইডযুক্ত ফল-মূল জব্দ কৰে। দলটোৱে জনায় যে এই ফল-মূলবোৰে অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ডাঙৰ ভাবুকি সৃষ্টি কৰিব পাৰে। লগতে দলটোৱে পলিথিনজাতীয় সামগ্ৰীৰ বিৰুদ্ধেও কঠোৰতা প্ৰদৰ্শন কৰি কিছুমান পৰিলিথিনজাতীয় সামগ্ৰীও জব্দ কৰে।