NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত আমছুৰ নৱ নিযুক্ত নগৰ সমিতি গঠন

Posted by: কাজি জেইদুল ইছলাম May 7, 2018 9:37 pm

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলি মোক্তাবত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

বিশ্বনাথ জিলা আমছুৰ সভাপতি আমিল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত উদেশ্য বাখ্যা কৰে জিলা আমছুৰ উপ-সভাপতি ছুলতান আলিয়ে।

উক্ত সভাত আজাদ হুছেইনক সভাপতি তথা ফাইজ উদ্দিন আৰু ইমৰান খানক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া আমছুৰ বিশ্বনাথ চাৰিআলিৰ নগৰ সমিতি গঠন কৰা হয়।

এই সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলি, বিশ্বনাথ জিলা আমছুৰ সভাপতি আমিল হক, উপ-সভাপতি অহিদুল আলি, আকাশ আলি, বিশ্বনাথ জিলা আমছুৰ মুখ্য উপদেষ্টা জাহাংগীৰ আনচাৰী, জিলা আমছুৰ সহকাৰী সাধাৰণ সম্পাদক ইমান আলিকে ধৰি কেইবাজনো সদস্য উপস্থিত থাকে।