NORTHEAST NOW (Assamese)
অসম

বিশ্ব চেম্পিয়ন হিমালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ July 14, 2018 8:21 pm
hima das after winning gold

বিশ্ব চেম্পিয়ন হিমা দাসলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নুমলীগড়ত আজি ১৪ জুলাইত এই ঘোষণা কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।

স্ব-গৃহত উপস্থিত হোৱাৰ পিছতে হিমাক ৰাজ্যিক মৰ্য্যাদাৰে সম্বৰ্ধনা জনোৱাৰ কথাও ঘোষণা কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে।

হিমাক ইতিমধ্যে অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে ঘোষণা কৰিছে মুখ্য মন্ত্ৰীয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও অসমৰ দৌৰকন্যাগৰাকীলৈ আগবঢ়াইছে ১ লাখ টকা।

গগৈৰ পিতৃ-মাতৃৰ নামত থকা ন্যাসৰ পৰা এই ধন আগবঢ়োৱা হৈছে হিমালৈ।