NORTHEAST NOW (Assamese)
অসম

বিশ্ব মাতৃদুগ্ধপান সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত স্থাপন মাতৃদুগ্ধপান কক্ষ

Posted by: এন ই নাও নিউজ August 4, 2018 1:23 pm
Ghy-sttaion-570x320

আগষ্টৰ ১ৰ পৰা ৭ তাৰিখলৈ পালিত হ’বলগীয়া বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই পল্টন বজাৰস্থিত গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত প্ৰথম শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ প্ৰতীক্ষালয়ত মাতৃদুগ্ধপান কক্ষ স্থাপন কৰিবলৈ আগ বাঢ়িছে।

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ জ্যেষ্ঠ ষ্টেইশ্যন মাষ্টাৰ পৰেশ কলিতাই জনাইছে যে শিশু লগত থকা মহিলাসকলৰ সুবিধাৰ্থে প্ৰথম শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ প্ৰতীক্ষালয়ত মাতৃদুগ্ধপান কক্ষ স্থাপন কৰা হ’ব। তেওঁ কয় যে গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত থকা  সাধাৰণ আৰু শীত-তাপ নিয়ন্ত্ৰিত প্ৰতীক্ষালয়ত একোটাকৈ মাতৃদুগ্ধপান কক্ষ আছে। এই কক্ষ দুটাৰ সফলতাৰ পাছত আৰু অধিক এনে কক্ষ স্থাপন কৰিবলৈ আগবঢ়া হৈছে বুলি ষ্টেইশ্যন মাষ্টাৰগৰাকীয়ে জনাইছে। তেওঁ আৰু কৈছে যে এই পৰ্যন্ত কোনো মহিলা কৰ্মচাৰীক এই কক্ষসমূহৰ তত্ত্বাৱধানৰ বাবে মোতায়েন কৰা হোৱা যদিও তাৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে এনেধৰণৰ কক্ষ ৰাজহুৱা স্থানত স্থাপন কৰাৰ কথা কামৰূপ (মহানগৰ) প্ৰশাসনে এতিয়াও বিৱেচনা কৰা নাই। ‘দ্য টেলিগ্ৰাফ’ৰ প্ৰতিৱেদনত প্ৰকাশ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যিক সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাতৃসকলৰ মাজত মাতৃদুগ্ধপান গুৰুত্ব সন্দৰ্ভত সচেতনতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।

কলিতাই আৰু কয়, ‘মা’ ( MAA অৰ্থাৎ Mothers’ Absolute Affection) কাৰ্যসূচীটোৰ জৰিয়তে মাতৃসকললৈ মাতৃদুগ্ধপান কক্ষ আৰু পৰ্যাপ্ত গোপনতাৰ দিশসমূহৰ ওপৰত আমি মনোযোগ দিছোঁ। কিন্তু এয়া হৈছে এটা সাংস্কৃতিক দিশ আৰু ইয়াক অন্তৰৰ পৰা গ্ৰহণ কৰিব লাগিব।”