NORTHEAST NOW (Assamese)

বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস : বিশেষভাৱে সক্ষম কণমানিৰ বাবে বঙাইগাঁৱত চিকিৎসা, সজাগতা শিবিৰ

March 20, 2018 5:04 pm · শশাংক তালুকদাৰ
বঙাইগাঁৱৰ ‘এলফ’নছ’ সদন’ৰ শিশু

বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস উপলক্ষে এশ গৰাকীতকৈ অধিক বিশেষভাৱে সক্ষম কণমানিৰ আশ্ৰয়স্থল বঙাইগাঁৱৰ ‘এলফ’নছ’ সদন’ত শিশুসকলৰ বাবে আজি ২০ মাৰ্চত আয়োজন কৰা হয় মুখগহ্বৰৰ স্বাস্থ্য সজাগতা আৰু পৰীক্ষাৰ এক বিশেষ শিবিৰ।

দন্ত চিকিৎসক ডাঃ ৰূপম চৌধুৰী, ডাঃ দেৱশ্ৰী আৰু ডাঃ অভিজিতে এই শিবিৰটোত সেৱা আগবঢ়ায়।

আনহাতে জিলাখনৰ বৈতামাৰী, মাণিকপুৰ, শ্ৰীজাগ্ৰাম আৰু বঙাইগাওঁ খণ্ড স্বাস্থ্য কেন্দ্ৰত দিৱস উপলক্ষে জিলা স্বাস্থ্য সমাজ, বঙাইগাঁৱে সজাগতা ভাষণ আৰু শোভাযাত্ৰাৰ আয়োজন কৰে। অনুষ্ঠানত বিনামূলীয়া দৰৱ আৰু টুথপে’ষ্ট বিতৰণ কৰা হয়।

মুখগহ্বৰ স্বাস্থ্যৰ বিশ্বৰ বৃহত্তম সজাগতা অভিযান এই দিৱসটো বিশ্ব দন্ত চিকিৎসক সংস্থাই (FDI World Dental Federation) প্ৰতিবছৰে বিশ্বজুৰি পালন কৰি আহিছে।

চাওক ‘বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস’ৰ এইবছৰৰ বিশেষ ভিডিঅ’

সুস্থ দন্ত পৰিচ্ছন্নতা সম্পৰ্কে শিশু আৰু প্ৰাপ্তবয়স্ক সকলোৰে বাবে এই দিৱসে বাৰ্তা দিব খোজে আৰু ব্যক্তিৰ সামগ্ৰিক সুস্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ মুখগহ্বৰ স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰিব খোজে।

প্ৰতি বছৰে এটা বিশেষ বিষয়ত এই দিৱসটোৱে মনোনিৱেশ কৰে। বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱসৰ এইবছৰৰ বিষয় ‘Say Ahh. Think Mouth, Think Health.’

Related News