NORTHEAST NOW (Assamese)
অসম

বিষাক্ত দ্ৰব্য খুৱাই শিৱসাগৰত ৩৬টা শগুন নিধন

Posted by: এন ই নাও নিউজ March 18, 2018 11:18 pm
বিষাক্ত দ্ৰব্য খুৱাই শিৱসাগৰত ৩৬টা শগুন নিধন

শিৱসাগৰ জিলাৰ মগৰাহাটত সংঘটিত এক মৰ্মান্তিক ঘটনাত ৩৬টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয়। জানিব পৰা মতে, বিষাক্ত দ্ৰব্য খোৱাৰ ফলতে উক্ত শগুনকেইটাৰ মৃত্যু হয়।

আনহাতে অঞ্চলটেৰ বন্যপ্ৰাণী প্ৰেমী সকলে জীৱিত অৱস্থাত উদ্বাৰ কৰা ৭টা শগুনৰ অৱস্থাৰো অৱনতি ঘটিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে, শনিবাৰে অঞ্চলটোৰ স্থানীয় কিছুলোকে ধাননি পথাৰত বৃহৎ সংখ্যক মৃত শগুন দেখা পায়। কোনো দুস্কৃতিকাৰীয়ে মৃত ছাগলীৰ পেটত বিষাক্ত কীটনাশক ভৰাই শগুন সমূহ নিধন কৰাৰ উদ্দেশ্যে পথাৰত পুতি ৰাখিছিল বুলি স্থানীয় লোক সকলে সন্দেহ কৰিছে।

এজন স্থানীয় লোকে কয়, ‘শিৱসাগৰ জিলাৰ বন বিষয়া সকলে শগুনৰ লগতে আন বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এইয়া পৃথক ঘটনা নহয়। যোৱা মাহটো বিষাক্ত দ্ৰব্য খুৱাই ৪০টাতকৈ অধিক দুষ্প্ৰাপ্য পক্ষী নিধন কৰা হৈছিল।’

উল্লেখযোগ্য যে যোৱা জানুৱাৰি মাহতো ছয়গাঁৱৰ পাচ আমতলাত ১৬ টা শগুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰাজ্যখনত ঘনাই ঘনাই এনেদৰে শগুনৰ মৃত্যু প্ৰকৃতিপ্ৰেমীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।