NORTHEAST NOW (Assamese)
অসম

বিহু মঞ্চত হিন্দী নহয় অসমীয়া বা থলুৱা জনজাতীয় গীতহে পৰিৱেশন কৰা উচিত : কল্পনা পাটোৱাৰী

Posted by: কল্পজ্যোতি শইকীয়া March 29, 2018 11:40 pm
kalpana patowary

বিহু মঞ্চত হিন্দী গীত নহয় অসমীয়া বা আন থলুৱা জনজাতীয় গীতহে পৰিৱেশন কৰা উচিত বুলি ব’হাগ বিহুৰ প্ৰাক মুহূৰ্তত আজি ২৯ মাৰ্চত মত প্ৰকাশ কৰিছে ‘ভোজপুৰী ৰাণী’ৰূপে প্ৰখ্যাত গায়িকা কল্পনা পাটোৱাৰীয়ে।

বিহু মঞ্চত হিন্দী গীত পৰিৱেশনক লৈ যোৱা কিছু বছৰ হৈ থকা বিতৰ্কৰ মাজতে এই সন্দৰ্ভত আজি গায়িকাগৰাকীয়ে ‘যিহেতু ৰঙালী বিহু অসমীয়াৰ বাপতি সাহোন, গতিকে বিহু মঞ্চত অসমীয়া গীত অথবা বিহু নাইবা অন্য জনজাতীয় গীতসমূহ পৰিৱেশন কৰিব লাগে বুলি মই ভাবো’ বুলি মত প্ৰকাশ কৰে।

‘উৎসৱৰ লগত সংগতি ৰাখি অসমৰ থলুৱা গীত পৰিৱেশন কৰি এক জাগৰণ অনাৰ প্ৰয়াস কৰিব লাগে‘ বুলিও তেওঁ মন্তব্য কৰে।

‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক পাটোৱাৰীৰ এটা আধুনিক গীতৰ সংকলন গুৱাহাটী প্ৰে’ছ ক্লাবত উন্মোচন কৰাৰ পিছতে এন ই নাওৰ সৈতে হোৱা কথা-বাৰ্তাত গায়িকাগৰাকীয়ে বিহু মঞ্চক লৈ এই মত প্ৰকাশ কৰে।

আনহাতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গে’মছত দেউৰী বিছু (বিহু) গীতৰ লগতে অন্যান্য জনজাতীয় গীতৰ ডেৰঘণ্টীয়া এক অনুষ্ঠান পৰিৱেশন কৰিব গায়িকাগৰাকীয়ে।

বৰপেটাৰ এটি সৰু অঞ্চলৰ পৰা আহি অষ্ট্ৰেলিয়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত হ’ব পৰাটো ‘এক সফলতা হিচাপে ভাবো’ বুলি নিজৰ মনৰ ভাব প্ৰকাশ কৰি তেওঁ কয়, ‘মোক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰি এই অনুষ্ঠান পৰিৱেশন কৰিবলে পঠোৱা নাই। অষ্ট্ৰেলিয়া চৰকাৰৰ ফালৰ পৰা জেন মৰ্টেনে মোক নিৰ্বাচিত কৰিছে গীত পৰিৱেশনৰ বাবে।’

কমনৱেলথ গে’মছত গীত পৰিৱেশনৰ বাবে পাটোৱাৰী অহা ৪ এপ্ৰিলত ৰাওনা হ’ব।