NORTHEAST NOW (Assamese)
অসম

জাগুনত বিয়াগোম অজগৰ উদ্ধাৰ

Posted by: লক্ষ্মণ শৰ্মা, ডিগবৈ : November 20, 2017 12:05 pm
জাগুনত বিয়াগোম অজগৰ উদ্ধাৰ

আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বন  সংমণ্ডলৰ অধীন জাগুন ফৰেষ্ট ৰেঞ্জৰ আহোমপথাৰৰ এখন ধাননিৰ পৰা এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়। অজগৰটো গাঁৱৰ কেইজনমান খেতিয়কে পথাৰৰ কামৰ পৰা ঘূৰি আহোতে দেখা পায়। খবৰ দিয়াত বন বিভাগৰ মানুহ আহি গাওঁবাসীৰ সহযোগত অজগৰটো অক্ষত অৱস্থাত উদ্ধাৰ কৰে আৰু ওচৰৰে টিংকুপানী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।