NORTHEAST NOW (Assamese)

বুধবাৰে দাখিল বিটিএডি বাজেট : গড়কাপ্তানি, শিক্ষা, কৃষিত সৰ্বাধিক গুৰুত্ব দিয়াৰ দাবী হাগ্ৰামাৰ

March 21, 2018 10:16 pm · ৰিনয় বসুমতাৰী
Updated: March 21, 2018 10:17 pm

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিটিএডিৰ বাজেট অধিৱেশনৰ প্ৰথমদিনা আজি বুধবাৰে বিটিএডিৰ ২০১৮-১৯ বৰ্ষৰ বাবে ২৪২৯৮৭.৪৮ লাখ টকাৰ বাজেট দাখিল কৰে বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷

২০১৮-১৯ বৰ্ষৰ বিটিচি বাজেটত গড়কাপ্তানি, শিক্ষা আৰু কৃষি বিভাগত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি দাবী কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আনহাতে অসম চৰকাৰে বিটিএডিক প্ৰয়োজনীয় কৰ্তৃত্ব নিদিয়াৰ বাবে বাজেটখনক ‘ৰেদিমে’দ বাজেট’ বুলি অভিহিত কৰি বিৰোধী দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে সাংবাদিকৰ আগত কয় যে বাজেটখনক লৈ সন্তুষ্ট হোৱা বা নোহোৱাৰ পৰিৱেশ নাই।

বিটিএডিয়ে অসম বাজেটৰ ১২ শতাংশ হিচাপত ৩০০০ কোটিতকৈ অধিক ধন লাভ কৰিব লগাৰ বিপৰীতে এইবাৰ ৬১০ কোটি টকাহে লাভ কৰা বুলি উল্লেখ কৰি নাৰ্জাৰীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিএডি এলেকাৰ উন্নয়ন বিচাৰে নে নাই সেয়া সন্দেহজনক বুলি মন্তব্য কৰে।

নাৰ্জাৰীয়ে দাবী কৰে যে জনসংখ্যাৰ অনুপাতে বিটিএডিয়ে ২০০৭ চনৰ পৰা এতিয়ালৈকে ১৮ হাজাৰ কোটি টকা অসম চৰকাৰৰ পৰা পাব লাগে। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা এতিয়ালৈকে কেৱল ৩,৬০০ কোটি টকাহে বিটিএডিয়ে লাভ কৰিছে৷

তেওঁ লগতে অভিযোগ কৰে যে এখন সমিতি গঠন কৰি অসম চৰকাৰৰ পৰা প্ৰাপ্য পুঁজি বিচাৰি মুখ্য মন্ত্ৰীক লগ কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে নিজেই পূৰ্বে প্ৰস্তাৱ দিয়াৰ পিছতো আজিলৈকে বিটিচি মুৰব্বীজনে এই কাম নকৰিলে।

আনহাতে এই বাজেটক লৈ হাগ্ৰামা মহিলাৰীয়ে পৰ্য্যালোচনা বৈঠক হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত বিৰোধী নেতাজনে কয় যে যদি এনে বৈঠক হয়, তেন্তে ভাল কথা। কিন্তু তেওঁ কয় যে পূৰ্বৰ অভিজ্ঞতাৰ পৰা এনে বৈঠক হোৱাৰ কোনো আশা নাই।

২৫ পৃষ্ঠাজোৰা বাজেটৰ প্ৰতিলিপিখন সদনৰ মজিয়াত পাঠ কৰে বিটিএডিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে৷

Related News