NORTHEAST NOW (Assamese)

বুমলাৰ বৰফাবৃত পথত আই আই এমৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে গৰম চাহৰ সোৱাদ ল’লে কিৰেন ৰিজিজুৱে

March 18, 2018 5:12 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ বৰফে বন্ধ কৰি ৰখা বুমলাৰ পথত আই আই এম আহমেদাবাদৰ এদল ছাত্ৰ-ছাত্ৰীক শনিবাৰে লগ কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

অৰুণাচলৰ চীন-ভাৰত সীমান্তত সমুদ্ৰপৃষ্ঠৰ ১৫২০০ ফুট উচ্চতাত টাৱাঙৰ পৰা ৩৭ কিঃ মিঃ দূৰত্বত এই বুমলা পাছটো অৱস্থিত।

আই আই এমৰ ছাত্ৰ-ছাত্ৰীসকলে কেন্দ্ৰীয় মন্ত্ৰীজনৰ সৈতে ফট’ তোলাৰ লগতে গৰম চাহৰো সোৱাদ লয়।

শুকুৰবাৰে টাৱাঙত বিভিন্ন অনুষ্ঠানত ভাগ লোৱা মন্ত্ৰীজন শনিবাৰে বুমলা অভিমুখে ৰাওনা হৈছিল।

ৰিজিজু সীমান্তবাসীক লগ কৰিবলৈ আহ্ছিল, কিন্তু ১১ৰ পৰা ১৫ হাজাৰ ফুট উচ্চতাত হোৱা তীব্ৰ তুষাৰপাতে টাৱাং-বুমলা পথটো বন্ধ কৰি দিয়ে।

বুমলালৈ যোৱাৰ পথত ৰিজিজুৱে মাৰাথা গ্ৰাউণ্ডত থকা ছত্ৰপতি শিৱাজী মহাৰাজ মূৰ্তিও দৰ্শন কৰে।

Related News