NORTHEAST NOW (Assamese)
অসম

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; অস্থায়ীভাৱে স্থানান্তৰ মাজুলীৰ কমলাবাৰী ফেৰীঘাট

Posted by: মিটু খাটনিয়াৰ July 1, 2018 4:34 pm
Screenshot_20180701-152219_Video Player

বাৰিষা  অহাৰ লগে লগে ক্ৰমাত বৃদ্ধি পাই বিশ্ব প্ৰসিদ্ধ নদীদ্বীপ মাজুলীবাসীৰ চিন্তা। বিগত কিছুদিনৰ পৰা ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ব্যাপক হাৰত বৃদ্ধি পাইছে মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ গৰাখহনীয়াৰ প্ৰকোপ ।

উল্লেখ্য যে গৰাখহনীয়াৰ উপৰি বৰষুণৰ বাবেই কমলাবাৰী ঘাটলৈ অহা পথছোৱা বোকাময় হৈ পৰাত এতিয়া যন্ত্ৰনা ভূগিবলগীয়া হৈছে ফেৰীৰে অহা যোৱা কৰা যাত্ৰীসকল।

কমলাবাৰী  ফেৰীঘাটলৈ অহা পথছোৱা বোকাময় হৈ পৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে নিতৌ যান-বাহনৰ সৈতে অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰী এতিয়া নিজৰ জীৱন বিপদাপন্ন কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰা কৰিবলগীয়া হোৱাত শংকিত হৈ পৰা পৰিলক্ষিত হৈছে।

ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে আভ্যন্তৰিণ জলপৰিবহন বিভাগে যাত্ৰীসকলৰ সুবিধা হোৱাকে কমলাবাৰী ফেৰী ঘাটতো নিৰ্দিষ্ট স্থানৰ পৰা অস্থায়ীভাৱে কিছু দূৰ আগলৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে।