NORTHEAST NOW (Assamese)

বেংক হেকাৰ চক্ৰৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ

March 19, 2018 8:00 pm · ময়ুখ গোস্বামী

দৰং জিলাত অসৎ উপায়েৰে ডিজিটেল পদ্ধতিৰে পইচা আত্মসাৎ কৰা ঘটনাৰ সৈতে অভিযুক্ত আৰু এজন লোকক আজি জিলাখনৰ আৰক্ষীয়ে আটক কৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰত দৰঙত আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ অহা ডিজিটেল পদ্ধতিৰে পইচা আত্মসাৎ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই সম্পৰ্কত খাৰুপেটিয়া আৰক্ষী থানাত দাখিল হৈ থকা এটা গোচৰৰ ভিত্তিত দৰং আৰক্ষীয়ে আজি ছফিকুল ইছলাম (২৭) নামৰ এজন লোকক আটক কৰে।

ধৃত ছফিকুল ইছলাম দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানা অন্তৰ্গত ৰাজাপুখুৰী বাগিচা অঞ্চলৰ বাসীন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লোকজনৰ কবলৰ পৰা এটা iphone মোবাইল জব্দ কৰে। আনহাতে ধৃত ছফিকুলে আৰক্ষীৰ জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে।

উক্ত ঘটনাটোৰ সংক্ৰান্তত ছফিকুলকে ধৰি এতিয়ালৈকে মুঠ ৭ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনাটোৰ সৈতে প্ৰায় ১০০ জন লোকৰ এক বৃহৎ চক্ৰ জড়িত হৈ আছে।

Related News