NORTHEAST NOW (Assamese)
অসম

বেডমিণ্টন লীগৰ প্ৰথম খেলতে সিন্ধুৰ সৈতে মুখামুখি হ’ব চাইনা

Posted by: এন ই নাও নিউজ December 23, 2017 10:52 am

তৃতীয় বাৰ্ষিক ভ’ডাফ’ন প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ শুভাৰম্ভণিৰ দিনাই মুখামুখি হ’ব দুই ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পি ভি সিন্ধু আৰু চাইনা নেহৱাল। গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ শুভাৰম্ভণি কৰিব আৰু উদ্বোধনী খেলতে বিশ্বৰ শক্তিশালী এই দুগৰাকী খেলুৱৈয়ে পৰস্পৰৰ মুখামুখি হ’ব।

যোৱা বাৰৰ চেম্পিয়ন দল চেন্নাই স্মেচাৰ্চৰ হৈ সিন্ধু আৰু লীগৰ আটাইতকৈ ধাৰাবাহিকতা বজাই ৰখা দল এৱাধে ৱেৰিয়ৰ্ছৰ হৈ চাইনা নেহৱালে প্ৰতিদ্বন্দ্বিতা কৰিব। লক্ষণীয় যে বৰ্তমান সময়ত বিশ্ব বেডমিণ্টন ৰেংকত সিন্ধু তৃতীয় স্থানত আছে আৰু চাইনাৰ সৈতে মুখামুখিত এতিয়ালৈ ২-১ত আগবাঢ়ি আছে।

এই খেলখনৰ জৰিয়তে দুই ভাৰতীয় মহিলা খেলুৱৈয়ে নিজৰ নিজৰ দলক অগ্ৰগতি দিয়াৰ বাবে চেষ্টা কৰিব। ইয়াৰ উপৰি এই টুৰ্নামেণ্টত পুৰুষৰ বিশ্বৰ ১ নং খেলুৱৈ ভিক্তৰ এক্সলেচন(ডেনমাৰ্ক) আৰু মহিলাৰ ১ নং খেলুৱৈ টায় যু ৱায়িং(টাইৱান)ৰ দৰে আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

উল্লেখনীয় যে এই টুৰ্নামেণ্টখনত দুটা নতুন দল আহমেদাবাদ স্মেছ মাষ্টাৰ্ছ আৰু নৰ্থ ইষ্টাৰ্ন ৱেৰিয়ৰ্ছ সহিতে মুঠ ৮টা দলে শ্ৰেষ্ঠত্বৰ বাবে যুঁজ দিব। প্ৰত্যেক দলৰ লগতে এজনকৈ জুনিয়ৰ খেলুৱৈয়ে নিজ দলৰ অভিজ্ঞ খেলুৱৈৰ পৰা শিকাৰ অৰ্থে দলৰ লগত যাত্ৰা কৰিব।