NORTHEAST NOW (Assamese)

বেমাৰী তথা দুৰ্বল ছাগলী যোগান ধৰিছে গুৱাহাটী পৌৰ নিগমে : গুৱাহাটী মাংস ব্যৱসায়ী সন্থা

February 17, 2018 5:45 pm · কল্পজ্যোতি শইকীয়া
Updated: February 17, 2018 6:37 pm
গুৱাহাটী মাংস ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে

সুস্থ-সৱল ছাগলী যোগান ধৰাৰ বিপৰীতে গুৱাহাটী পৌৰ নিগম আৰু উত্তৰ পূৱ কাউঞ্চিল খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ মাংস ব্যৱসায়ী সকলক বেমাৰী তথা দুৰ্বল ছাগলী যোগান ধৰি আহিছে।

আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই অভিযোগ কৰে গুৱাহাটী মাংস ব্যৱসায়ী সন্থাই।

বিজ্ঞপ্তি খনৰ মতে গুৱাহাটী পৌৰ নিগমে যোৱা ১ ফেব্ৰুৱাৰিত গুৱাহাটী মাংস ব্যৱসায়ী সকলক প্ৰতিদিনে ১০০ টাকৈ সুস্থ সৱল ছাগলী ধৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষা কৰাত পৌৰ নিগম ব্যৰ্থ হৈছে।

সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে কয় ‘প্ৰতিদিনে ১০০ টাকৈ ভাল ছাগলী দিয়া হ’ব বুলি গুৱাহাটী পৌৰ নিগমে আমাৰ সৈতে চুক্তি কৰিছিল। কিন্তু যোৱাকালি তেওঁলোকে বিহাৰৰ পৰা অনা বেমাৰী, দুৰ্বল তথা মাইকী ছাগলী আনি তাত চৰকাৰী ছিল-মোহৰ মাৰি আমাক বিক্ৰী কৰিবৰ বাবে দিছে।’

অৱশ্যে এনেকুৱা ধৰণৰ ছাগলী পৌৰ নিগমৰ পৰা ক্ৰয় কৰাৰ পৰা তেওঁলোক বিৰত থাকিব বুলি তেওঁ নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

আনহাতে ঘোষণা কৰাৰ পিছৰে পৰা এটা দিনটো গুৱাহাটী পৌৰ নিগমে তেওঁলোকক ১০০ টাকৈ ছাগলী যোগান ধৰা নাই বুলিও মাংস ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে অভিযোগ কৰে।

এই সন্দৰ্ভত তেওঁ নৰ্থ ইষ্ট নাওক কয় “৭ ফেব্ৰুৱাৰিত তেওঁলোকে ছাগলী যোগান ধৰিম বুলি কৈছিল যদিও তেওঁলোক যোগান ধৰাত বিফল হ’ল। আনহাতে ১০০ টাকৈ ছাগলী যোগান ধৰিম বুলি কৈ আমাক ৮ ফেব্ৰুৱাৰি দিনা ২০ টা ছাগলীহে যোগান ধৰিলে।”

ইয়াৰোপৰি ৯ ফেব্ৰুৱাৰিত গুৱাহাটী পৌৰ নিগম ছাগলী যোগান ধৰাৰ পৰা বিৰত থকাৰ বিপৰীতে ১০,১১,১২ আৰু ১৩ ফেব্ৰুৱাৰিত ক্ৰমে ২৩ টা, ২৮ টা আৰু ১৩ টা ছাগলী যোগান ধৰে বুলি তেওঁ জানিবলৈ দিয়ে।

গুৱাহাটী মাংস ব্যৱসায়ী সন্থাই গুৱাহাটী পৌৰ নিগমক তেওঁলোকৰ অধীনত নিৰ্মীয়মান বজাৰ গৃহত কছাইখানা নিৰ্মাণ কৰি দিবৰ বাবে দাবী জনায়। আনহাতে, যদিহে পৌৰ নিগমে মাংস ব্যৱসায়ীসকলক NEC Food Processing Pvt. Ltd আৰু ALPCO ৰ অধীনত যাবলৈ বাধ্য কৰাই তেওঁলোকে মাংস দোকান বন্ধ কৰি প্ৰতিবাদত নামি পৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Related News