NORTHEAST NOW (Assamese)
অসম

বৈশাগু বাৰদৈ চিখলা উৎসৱৰ সমাপ্তি; অসম সাহিত্য সভা, আছুকে ধৰি কেইবাটাও সংগঠনৰ অংশগ্ৰহণ

Posted by: ৰিনয় বসুমতাৰী May 6, 2018 6:05 pm

শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ লক্ষৰে বি টি এ ডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বি টি চি সচিবালয়ৰ খেলপথাৰত কালিৰে পৰা বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ আজি সামৰণি পৰে।

বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত হোৱা এই উৎসৱৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, আছুৰ মুখ্য উপদেষ্ঠা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি ৰাজ্যৰ প্ৰত্যেকখন স্বায়ত্বশাসিত পৰিষদৰ নেতৃবৰ্গ, বিভিন্ন সাহিত্য সভাৰ সভাপতি, সম্পাদক, কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃবৰ্গৰ উপৰি বহু বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।

আজিৰ সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি আলফা (স্বা)ৰ গুলীত আৰক্ষী বিষয়া নিহত হোৱা কাৰ্যত দুখ প্ৰকাশ কৰি বুলেটপ্ৰুফ জেকেট পৰিধান কৰা সত্বেও কেনেদৰে গুলীয়ে আৰক্ষী বিষয়াগৰাকীৰ দেহত আঘাত কৰিলে সেয়া চিন্তনীয় বিষয় বুলি মন্তব্য কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাত সুৰঙা আছে বুলিও মন্তব্য কৰে ।

আনহাতে, অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক জাতিধ্বংসী বিধেয়ক বুলি অভিহিত কৰি সংসদীয়া যুটীয়া কমিটিৰ সন্মুখত ইয়াৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰে।

বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি জনগোষ্ঠীকে সমিলমিলেৰে আগবাঢ়ি আহি ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰ সমাজ গঢ়াত গুৰুত্ব দিবলৈ আহ্বান জনায়।

উৎসৱত বৈশাগু নৃত্য, বিহু নৃত্যৰ উপৰিও ৰাভা, গাৰো, মিচিং আদি জনগোষ্ঠীৰ নৃত্যই উদযাপনথলীৰ পৰিৱেশ মুখৰিত কৰি তোলাৰ লগতে বি টি চি সচিবালয়ৰ খেলপথাৰক মিলনৰ থলীত পৰিণত কৰে।

বি টি চি প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে সমাজলৈ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা যাব বুলি উৎসৱত অংশগ্ৰহণ কৰা সমুহ জনগোষ্ঠীয় নেতৃবৰ্গই আশা প্ৰকাশ কৰে।