NORTHEAST NOW (Assamese)

বোকাখাতৰ মৌজাদাৰ, জ্যেষ্ঠ নাগৰিক অনিল বেজবৰুৱাৰ মৃত্যু

March 4, 2018 2:19 pm · উত্তম শইকীয়া
প্ৰয়াত অনিল বেজবৰুৱা

বোকাখাতৰ জ্যেষ্ঠ নাগৰিক তথা বোকাখাত মৌজাৰ মৌজাদাৰ অনিল বেজবৰুৱাৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ ৷ নিশা নিজা বাসগৃহতে হৃদ ৰোগত আক্ৰান্ত হোৱাৰ পাচত অনিল বেজবৰুৱাক নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়লৈ নিয়া হয় আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

মৌজা চলোৱাৰ উপৰিও বোকাখাত নাট্য মন্দিৰ,  পুৱতি সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক মঞ্চ, বোকাখাত ছোৱালী হাইস্কুলকে ধৰি স্থানীয় বহু সাহিত্য , শিক্ষা আৰু সাংস্কৃতিক সংগঠনৰে সৈতে তেওঁ জড়িত আছিল ৷

মৃত্যুৰ সময়ত তেওঁ পৰিবাৰৰ সৈতে দুজন পুত্ৰ আৰু  এগৰাকী কন্যাক এৰি থৈ গৈছে ৷

আজি পুৱা তেওঁ মৃতদেহ বোকাখাত নাট্য মন্দিৰ আৰু পুৱতি সাহিত্য সভালৈ অনা হয় ৷ অগণন গুণমুগ্ধই অনিল বেজবৰুৱাৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অনিল বেজবৰুৱাৰ মৃত্যুত কেবিনেট মন্ত্ৰী অতুল বৰা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ উপৰিও বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন, বোকাখাত নাট্য মন্দিৰ, পুৱতি সাহিত্য সভা, জেষ্ঠ নাগৰিক মঞ্চ আদি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷

Related News