NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১৮তম বিশ্ববিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন

Posted by: ৰিনয় বসুমতাৰী February 27, 2018 4:45 pm
Bodoland university Cultural Rally

কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তি দেৱৰগাওঁত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১৮ তম বিশ্ববিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন।

বিশ্ববিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ছদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে আয়োজন কৰা ‘থুলুংগা উৎসৱ’ৰো অন্ত পৰে।

আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয় চৌহদত বিশ্ববিদ্যালয়খনৰ  বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই পতাকা জোকাৰি উক্ত সাংস্কৃতিক শোভাযাত্ৰাটো উদ্ধোধন কৰে।

‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ বাণীৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰা বাৰেৰহণিয়া শোভাযাত্ৰাটো জোহোলাও দৈমালু পথেৰে শ্যেন্ট আন্ট মহাবিদ্যালয় হৈ আৰম্ভণি স্থানত অন্ত পৰে।

বি টি চিত বসবাস কৰা বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকৰ মাজত শান্তি, সমপ্ৰিতি আৰু একতাৰ বাৰ্তা বিলোৱাৰ প্ৰয়াসেৰে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সজাগতামূলক অনুষ্ঠান পৰিবেশন কৰে।