NORTHEAST NOW (Assamese)
অসম

বড়ো ছাত্ৰ-ছাত্ৰীক আছুত যোগদান কৰিবলৈ আহ্বান হাগ্ৰামাৰ

Posted by: ৰিনয় বসুমতাৰী February 9, 2018 10:26 am
Untitled

বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদান কৰাৰ বাবে আহ্বান জনাইছে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

কোকৰাঝাৰত অনুষ্ঠিত ছাত্ৰ নেতা নাছিৰ হুছেইন আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাৰ কালি নিশাৰ সামৰণি অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে এই আহ্বান জনায় ৷

এই ক্ষেত্ৰত তেওঁ নিজে প্ৰচাৰ কৰিব বুলি সভাত সদৰি কৰে ৷

অহা ১০ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড দিৱসৰ দিনাও তেওঁ সকলোকে এই আহ্বান জনাব বুলি উল্লেখ কৰি বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদানৰ সুবিধা প্ৰদান কৰিবলৈ আছুৰ নেতৃবৃন্দক অনুৰোধ জনায় ।

শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ তথা ভুল বুজাবুজি আঁতৰ কৰিবলৈ আৰু আছুক জোৰদাৰ কৰিবলৈকে বড়ো ছাত্ৰ ছাত্ৰী সকল আছুত যোগদানৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ নিজেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে ৷

ইফালে উক্ত সভাতে উপস্থিত থকা এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে মহিলাৰীৰ ভাষণৰ পিছতে বক্তব্য ৰাখি আছুৰে এবছুৰ সম্পৰ্ক অটুট থাকিব বুলি কয় ৷

সভাত আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক দীপাংক নাথ আৰু লুৰিনজ্যোতি গগৈয়ে চৰকাৰক ক্ৰীড়া নীতি প্ৰস্তুত কৰিবলৈ আহ্বান  জনায় ৷

ইপিনে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত এখন ক্ৰীড়া বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰত এখন ক্ৰীড়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ বালাজান তিনালীৰ গৌৰাং হাইস্কুলৰ খেলপথাৰত আৰম্ভ হোৱা আছুৰ নাছিৰ হুছেইন আন্ত: জিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাখন অন্ত পৰে আৰু বৰপেটা দলে বিজয়ীৰ খিতাপ লাভ কৰে ।

আনহাতে বিজিত দলৰ খিতাপ লাভ কৰে গোৱালপাৰা আছুৰ দলে । কালিৰ অনুষ্ঠানতে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ছাজেন বসুমতৰীক সম্বৰ্ধনা জনোৱা হয়।