NORTHEAST NOW (Assamese)
অসম

বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ চতুৰ্থ ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি

Posted by: ইয়াছিন আলী April 8, 2018 11:04 am
Jorhat-Jun-Biri-Jeng-Bihu-Dal-practice-10-570x320

আন বৰ্ষৰ দৰে এই বেলিও বৰপেটা জিলাৰ বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি ৰঙালী বিহু উদযাপনৰ বাবে আয়োজক সমিতিয়ে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

১ ব’হাগৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব । পতাকা উত্তোলন কৰিব বৰনগৰৰ এগৰাকী বিশিষ্ট ব্যক্তি তৰুন দাসে।

পুৱা ১০ বজাত স্থানীয় শ্বহীদ পৰিয়ালে শ্বহীদ তৰ্পন কৰাৰ পিছতে ১০ বাজি ৩০ মিনিটত খেল ধেমালি অনুষ্ঠিত হ’ব।  ১১ বজাত সৰভোগৰ প্ৰাক্তন সৈনিক সন্থাৰ সম্পাদক গোকুল দাসে বৃক্ষৰোপন কাৰ্যসূচী আৰম্ভ কৰিব। দুপৰীয়া ১২ বজাত মৌ কুঁৱৰী প্ৰতিযোগিতা(৬ বছৰৰ পৰা ১১ বছৰ)  উদ্বোধন কৰিব মেদা নিচুকা জিলা পৰিষদৰ সদস্য মহেন্দ্ৰ দাসে।

বিয়লি ২ বজাত সৰু বিহুৱতী প্ৰতিযোগিতা (১১ বছৰৰ পৰা ১৮ বছৰ), সন্ধিয়া ৫ বজাত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে গধূলি ৮ বজাত স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সৰভোগ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক,ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ দাসে।

সেইদৰে ২ ব’হাগৰ পুৱা ১০ বজাত ভেশচন প্ৰতিযোগিতা, ১০ বাজি ৩০ মিনিটৰ পৰা ৰচী টনা আৰু টেকেলী ভঙা আদি খেল অনুষ্ঠিত হ’ব। বিয়লি ২ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’বলগীয়া মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰিব বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস কুমাৰ শইকীয়াই। নিশা ৮ বাজি ৩০ মিনিটৰ পৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব।

৩ ব’হাগৰ পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, ১ বজাৰ পৰা প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতা ,৫ বজাত মঞ্চ মুকলি আৰু বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ হ’ব। এই অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকিব বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শংকৰ দাস। ইয়াৰ লগতে বন্তি প্ৰজ্বলন কৰিব বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱতী আৰু সৰভোগ নগৰ সমিতিৰ সভাপতি প্ৰদীপ দাসে।

মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাস। সন্ধিয়াৰ বিশেষ সাংস্কৃতিক সন্ধিয়াত অন্যান্য শিল্পীৰ লগতে সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জীনা ৰাজকুমাৰী আৰু বন্দনা বৰুৱাই।

আয়োজক সমিতিয়ে মুকলি বিহুৰ প্ৰথম পুৰস্কাৰ ৩১ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ২১ হাজাৰ, মৌ কুঁৱৰীৰ প্ৰথম পুৰস্কাৰ ২ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ১ হাজাৰ, সৰু বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৩ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ২ হাজাৰ, বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৫ হাজাৰ আৰু দ্বিতীয় পুৰস্কাৰ ৩ হাজাৰ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।