NORTHEAST NOW (Assamese)
অসম

বৰপেটাতো ৰাজ্যজুৰি আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ : স্তব্ধ জনজীৱন

Posted by: পুলেন্দ্ৰ দাস June 4, 2018 4:32 pm

পে’ট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম মটৰ পৰিবহণ সন্থাই আজি আহ্বান জনোৱা ৰাজ্যজুৰি চকাবন্ধৰ প্ৰভাব বৰপেটা জিলাতো পৰা দেখা যায়।

জিলাখনত পুৱাৰে পৰা ব্যৱসায়িক যান বাহনৰ চলাচল বন্ধ হোৱাত স্থানীয় ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

আনহাতে বন্ধৰ উদ্যোক্তা সকলে পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ ফলত ব্যৱসায়িক যান-বাহন যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলি জনায় যাৰ ফলত তেওঁলোকে আজি চকা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়।

লগতে সদৌ অসম মটৰ পৰিবহণ সন্থাই সৰ্বসাধাৰণ লোকৰ ওপৰত প্ৰভাৱ পৰা পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী তোলে।

ইফালে আজি চকা বন্ধৰ ফলত জিলাখনত যানবাহনৰ চলাচল একপ্ৰকাৰ বন্ধ হোৱাত অফিচ কাচাৰীলৈ অহা লোকৰ সংখ্যা একেবাৰে কম হোৱা পৰিলক্ষিত হয় ৷