NORTHEAST NOW (Assamese)
অসম

কেঁকোসাপসহ বৰপেটাত তিনিজন লোকক আটক

Posted by: এন ই নাও নিউজ March 9, 2018 5:56 pm
Suspected Gecko Smugglers arrested

বৰপেটা সদৰ আৰক্ষীয়ে আজি এক অভিযান চলাই ৫ টা কেঁকোসাপসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, আজি দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৰপেটা চহৰৰ মাজ-মজিয়াৰ পৰা দুৰ্বৃত্ত তিনিজনক গ্ৰেপ্তাৰ কৰে।

আটকাধীন লোককেইজনৰ পৰা এ এছ ০১ ডি ই ১৬১৯ নম্বৰৰ এখন হুইণ্ডাই ইয়ন গাড়ী জব্দ কৰা হয়।

লোককেইজনে উক্ত ইয়ন গাড়ীখনত কেঁকোসাপ কেইটাক ভৰাইলৈ বিক্ৰী কৰাৰ বাবে লৈ আহিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে কেঁকোসাপ কেইটাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১ কোটি টকা হ’ব বুলি তেওঁলোকে অনুমান কৰিছে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আটকাধীন লোককেইজনৰ এজনৰ নাম যোগেশ্বৰ দাস বুলি জানিব পৰা গৈছে যদিও বাকী দুজনৰ নাম জানিব পৰা হোৱা নাই।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান তিনিওজনকে নিজৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে।