NORTHEAST NOW (Assamese)

বৰপেটাত পুৰুষোত্তম ন্যাসৰ উদ্যোগত কামৰূপী লোকগীতৰ প্ৰশিক্ষণ

January 23, 2018 6:54 pm · পুলেন্দ্ৰ দাস
Updated: January 23, 2018 7:45 pm

প্ৰাচীন কামৰূপ তথা অসমৰ  ক্ৰমে লোপ পাবলৈ ধৰা লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিক পুনৰ উদ্ধাৰ তথা সংৰক্ষণৰ লগতে প্ৰচাৰ-প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে বৰপেটা চহৰত তিনিদিনীয়াকৈ আৰম্ভ কৰা হৈছে কামৰূপী লোকগীতৰ প্ৰশিক্ষণ শিবিৰ।

বৰপেটা চহৰৰ আমবাৰীহাটীত থকা পুৰুষোত্তম ন্যাসৰ জনাৰ্দন ভৱনত কালিৰে পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে কামৰূপী লোকগীতৰ স্বনামধন্য শিল্পী স্নেহলতা দাসে। প্ৰশিক্ষক গৰাকীক সহযোগ কৰে কুল দাস আৰু বিমল দাসে।

প্ৰশিক্ষণ শিবিৰটোৰ আয়োজকসকলে জনোৱা মতে অনুষ্ঠানটোত প্ৰায় ৩৫ গৰাকী শিক্ষাৰ্থীয়ে কামৰূপী লোকগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰটোত পুৰুষোত্তম ন্যাসৰ অধ্যক্ষা তথা অৱসৰপ্ৰাপ্ত ভাষা বিষয়া ৰঞ্জিতা মেধি, সচিব শোভাৰাণী দাসৰ লগতে ন্যাসৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। তেওঁলোকে জনোৱা মতে প্ৰশিক্ষণ শিবিৰ ২৪ জানুৱাৰিৰ বিয়লি সামৰণি পৰিব।

উল্লেখযোগ্য যে বৰপেটাৰ বিশিষ্ট শিক্ষাবিদ তথা বেংক বিষয়া পুৰুষোত্তম দাসৰ স্মৃতিত গঠিত পুৰুষোত্তম ন্যাসে লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে স্থানীয় কৃতি ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ উৎসাহিত কৰি আহিছে।

Related News