NORTHEAST NOW (Assamese)
অসম

বৰপেটাত বাতিল হ’ল মুখ্য মন্ত্ৰী সোণোৱালৰ কাৰ্যসূচী

Posted by: পুলেন্দ্ৰ দাস February 13, 2019 7:08 pm
Barpeta CM meeting

আজি বৰপেটাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল যদিও শেষ মূহুৰ্তত  বাতিল হয় মুখ্য মন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী।

উল্লেখ্য যে আজি বৰপেটা পৌৰসভাৰ খেল পথাৰত মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা ২০১৮-১৯ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু বিশেষ কাৰণত মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কাৰ্য্যসূচী বাতিল কৰে বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে।

মুখ্য মন্ত্ৰীৰ বৰপেটা ভ্ৰমণ বাতিলৰ লগে লগে জিলা প্ৰশাসনে উক্ত কাৰ্য্যসূচীও বাতিল কৰে।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু বৰপেটা জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব লগা সভাখনৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশি খৰছ কৰি সাজি উলিওৱা হৈছিল বিশাল পেণ্ডেল। কিন্তু সোণোৱালৰ ভ্ৰমণ কাৰ্যসূচী বাতিল হোৱাৰ লগে লগে বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ অপচয় হোৱাও পৰিলক্ষিত হ’ল।

অসমৰ দৰে পিছপৰা এখন ৰাজ্যৰ ৰাজকোষৰ ধন এনেদৰে পুনৰ এবাৰ অপচয় হোৱাক কেন্দ্ৰ কৰি এতিয়া বৰপেটাত সচেতন মহলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।