NORTHEAST NOW (Assamese)
অসম

বৰপেটাত ৫ মে’ৰ পৰা ফুটবলৰ বিশেষ প্ৰশিক্ষণ তথা বাচনি শিবিৰ

Posted by: পুলেন্দ্ৰ দাস April 29, 2018 9:24 pm
Football match

ফুটবল খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্ষ ফুটবলাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে বৰপেটাৰ ‘আভা স্পৰ্টচ এণ্ড এডুকেচনেল ফাউণ্ডেচনে’ ৫ মে’ৰ পৰা ফুটবল খেলৰ এক বিশেষ প্ৰশিক্ষণ তথা বাচনি শিবিৰ অনুষ্ঠিত কৰিব।

উল্লেখযোগ্য যে পেচাদাৰী ফুটবল দল গঠন কৰাৰ বাবে বিগত সময়চোৱাতো এই ক্ৰীড়া প্ৰতিষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে।

‘আভা স্পৰ্টচ এণ্ড এডুকেচনেল ফাউণ্ডেচন’ৰ সম্পাদক আতলাফ হুছেইনে জনোৱা অনুসৰি অহা ৫ মে’ৰ পৰা ১৩ মে’লৈ উত্তৰ বৰপেটা হাইস্কুল খেল পথাৰত অনুষ্ঠিত হবলগা এই প্ৰশিক্ষণ তথা বাচনি শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ তথা কোকৰাঝাৰৰ বাৰহোংখা ফুটবল দলৰ প্ৰশিক্ষক দৈমালু বসুমতাৰীয়ে।

উক্ত শিবিৰত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক তেওঁ ৭০০২৬০৪৪৯৩, ৯৯৫৭৩৭২৯৫৬ ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে আহবান জনাইছে।