NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰোডত অবৈধ কাঠফলা মিলৰ ঘাটি উৎখাত

Posted by: এন ই নাও নিউজ April 12, 2018 8:46 pm
timber_seized

এক গোপন সূত্ৰৰ পম খেদি বৰপেটাৰোডৰ বন বিভাগ আৰু এছ এছ বিৰ অভিযানকাৰী দলে আজি বৃহৎ পৰিমানৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি সংবাদদাতাক জানিবলৈ দিয়ে।

উল্লেখ্য যে বন বিভাগ আৰু এছ এছ বিৰ দলটোৱে অভিযানৰ সময়ত দুটাকৈ কাঠফলা মিলো উৎখাত কৰে।

অভিযানকাৰী দলটোৱে জানিবলৈ দিয়া অনুসৰি উক্ত অঞ্চলটোত দীৰ্ঘদিনে দুজন বিজেপি কৰ্মীয়ে এনেধৰণে অবৈধ বেহা চলাই আছিল।

অভিযানকাৰী দলটোৱে কাঠৰ সৈতে মিল দুটা উৎখাত কৰিবলৈ সক্ষম হয় যদিও অবৈধভাবে ব্যৱসায় চলাই অহা বিজেপি কৰ্মীদ্বয় প্ৰদীপ বৰ্মন আৰু জাকিৰক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম ন’হল।

উল্লেখযোগ্য যে এফালে ৰাজ্যখনত বন বিভাগে বনাঞ্চল তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আনফালে এচাম দুষ্ট চক্ৰই বন বিভাগৰ চকুত ধুলি মাৰি বনাঞ্চল ধ্বংস যজ্ঞ চলাই আছে। ফলত বনাঞ্চলপ্ৰেমী ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অহ্বান জনাইছে।