NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত ‘প্ৰেৰণা’ প্ৰাচীৰ পত্ৰিকাৰ তৃতীয় সংখ্যা উন্মোচন

Posted by: পুলেন্দ্ৰ দাস February 27, 2018 10:53 pm
Barpeta district commissioner office

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ যৌথ অনুষ্ঠান সাহিত্য সংস্কৃতি মঞ্চৰ ‘প্ৰেৰণা’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখনৰ তৃতীয় সংখ্যাটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।

বৰেপটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সন্ধিয়া অনুষ্ঠিত এক অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে, চৰকাৰী  কাৰ্যালয়ত কাম কৰা বহু বিষয়া-কৰ্মচাৰীৰ মাজত নিজস্ব প্ৰতিভা প্ৰকাশৰ বাবে এই প্ৰাচীৰ পত্ৰিকাখন প্ৰস্তুত কৰা হৈছে।

পত্ৰিকাখনৰ দুটা সংখ্যা ইতিমধ্যে সুন্দৰভাৱে প্ৰকাশ পাইছে যদিও এইবাৰৰ সংখ্যাত বহুত নতুন লেখকৰ লিখনি সংলগ্ন হোৱা বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰ উপৰি, প্ৰাচীৰ পত্ৰিকাখনত বিষয়া-কৰ্মচাৰীসকলে লিখা মূল্যবান লিখনিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি প্ৰত্যেক বছৰৰ মূৰে মূৰে পুস্তিকা আকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

আনহাতে প্ৰাচীৰ পত্ৰিকাৰ লিখনিসমূহ পঢ়ি পাঠকে যাতে নিজৰ মন্তব্য প্ৰকাশ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈও উপায়ুক্ত গৰাকীয়ে সম্পাদনা সমিতিক আহ্বান জনায়।

বিষয়া-কৰ্মচাৰীসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে  উপায়ুক্তৰ কাৰ্যালয়ত অচিৰেই এটি পুথিভঁৰাল নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে।

অনুষ্ঠানটোত প্ৰাচীৰ পত্ৰিকা প্ৰেৰণাৰ তৃতীয় সংখ্যাৰ সম্পাদক উৎপল কুমাৰ দাসে প্ৰাচীৰ পত্ৰিকাখনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।

আজিৰ এই অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, মনোজ শিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, জিলা নিৰ্বাচন বিষয়া প্ৰাঞ্জল প্ৰতীক কোঁৱৰ, সাহিত্য সংস্কৃতি মঞ্চৰ সভাপতি বেণুধৰ দাসকে ধৰি জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।