NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ জনাঞ্চলত দুষ্প্ৰাপ্য ময়ূৰ চৰাইৰ মুক্ত বিচৰণ : বন বিভাগক অৱগত স্থানীয় ৰাইজৰ

Posted by: পুলেন দাস March 6, 2018 7:12 pm
peacock

ৰাজ্যখনত সংকুচিত বনাঞ্চলে হাতীক লোকালয়লৈ টানি অনাৰ পিছত সচৰাচৰ জনাঞ্চলৰ পৰা আঁতৰত থাকি ভাল পোৱা ময়ূৰ চৰায়ো জনবসতিৰ মাজলৈ অহা ঘটনা এটা দেখা গৈছে। আজি বৰপেটা চহৰৰ জনাঞ্চলত এবিধ দুষ্প্ৰাপ্য ময়ূৰ চৰাই মুক্তভাৱে বিচৰণ কৰি থকা দেখা গ’ল। এই ঘটনাই ৰাইজক আশ্চৰ্যচকিত কৰি তোলে।

বৰপেটা চহৰৰ গান্ধীনগৰস্থিত শ্মশান ঘাটৰ সমীপত আজি পুৱা ১০ মান বজাত প্ৰথমে ময়ূৰ চৰাইটো দেখা পায় কেইটিমান শিশুৱে। শিশুকেইটিয়ে চৰাইটোৰ কাষ চাপি যোৱাত ময়ূৰ চৰাইটোৱে উৰি গৈ ওচৰৰে আন এঠাইত আশ্ৰয় লয়। পিছত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমী যুৱকে ময়ূৰ চৰাইটো ধৰি বন বিভাগক চমজাই দিয়াৰ বাবে চেষ্টা চলায় যদিও দুষ্প্ৰাপ্য ময়ূৰ চৰাইটো ধৰাত ব্যৰ্থ হয়।

কোনো দুষ্ট চক্ৰই যাতে দুষ্প্ৰাপ্য চৰাইটো কোনো হানি-বিঘিনি ঘটাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সংগঠন ‘আৰ্লি বাৰ্ডছ’ৰ সদস্য সঞ্জয় বৰ্মনৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে।

ময়ূৰ চৰাইটো মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে।