NORTHEAST NOW (Assamese)
অসম

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি: নতুন কাৰ্যনিৰ্বাহক গঠন

Posted by: পুলেন্দ্ৰ দাস May 9, 2018 1:45 pm
maxresdefault

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ ২৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে কালি বৰপেটাত অনুষ্ঠিত হৈ যায়। বৰপেটা চহৰৰ শ্ৰীমন্তপুৰত থকা পেঞ্চনাৰ সংস্থাৰ কাৰ্যালয়ত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ দাসে। আনহাতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে উপ-সভাপতি প্ৰেবাধ ওজাই। আৰু ইয়াৰ পিছতে অনুষ্ঠিত হয় সাধাৰণ সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শশধৰ মিশ্ৰই।

সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা সংস্থাৰ উপদেষ্টা ব্ৰজেন্দ্ৰ কুমাৰ দাসে। সভা উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, পেঞ্চনাৰ সকলৰ সমাজৰ প্ৰতি অনেক দ্বায়বদ্ধতা আছে।  সমাজৰ জ্যেষ্ঠ নাগৰিক হিচাপে পেঞ্চনাৰ সকলে সমাজৰ উন্নয়ণৰ বাবে কাম কৰিব লাগে।

তেওঁ লগতে চাকৰিৰ পৰা নতুনকৈ পেঞ্চন লাভ কৰা ব্যক্তি সকলে পেঞ্চনাৰ সংস্থাক অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব বুলিও আশা প্ৰকাশ কৰে।

এই সভাতে হিচাপ পৰীক্ষক দীনেশ দাসে ২০১৬-১৭য়২০১৭-১৮ বৰ্ষৰ হিচাপৰ খতিয়ান দাখিল কৰে। ইয়াৰ পিছতে সম্পাদক শশধৰ মিশ্ৰই বিগত দুবছৰীয়া কাৰ্যকালৰ সম্পাদকীয় প্ৰতিেবদন পাঠ কৰে।

হিচাপ পৰীক্ষক আৰু সম্পাদকে প্ৰতিবেদন পাঠ কৰাৰ পাছতে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ বাবে ব্ৰজেন্দ্ৰ কুমাৰ দাস, প্ৰেবাধ ওজা আৰু ভদ্ৰেশ্বৰ দাসক উপদেষ্টা, নন্দলাল দাসক সভাপতি দিলীপ কুমাৰ দাসক উপসভাপতি, শশধৰ মিশ্ৰক সম্পাদক, আৰু গুনীন্দ্ৰ নাথ দাস আৰু পৰেশ চন্দ্ৰ দাসক যুটীয়া সম্পাদক হিচাপে লৈ পেঞ্চনাৰ সংস্থাৰ ১৮ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।