NORTHEAST NOW (Assamese)
অসম

বৰপেটা ভেল্লাৰ খনকাৰপাৰাত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

Posted by: পুলেন্দ্ৰ দাস May 30, 2018 10:13 pm

বৰপেটাৰ ভেল্লাৰ খনকাৰপাৰাত আজি ৩০ মে’ৰ নিশা ৮ মান বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হয় এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সা-সম্পত্তি।

জানিব পৰা মতে ভেল্লাৰ খনকাৰপাৰাৰ পথাৰৰ মাজত নিবাসী চেৰাজুল আলীৰ বাসগৃহত মহ খেদিবলৈ ধৰা সামগ্ৰী (মেক্সো )ৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি জুইৰ পৰিসৰ বৃদ্ধি পায়। সেই সময়ত ঘৰৰ চোতালত পৰিয়ালৰ মুৰব্বীসহ ছয় গৰাকী ব্যক্তি ৰোজাৰ ইফতাৰ কৰাৰ পিছত বহি আছিল। তাৰ পিছতে পৰিয়ালৰ সদস্যসকলে ঘৰৰ ভিতৰৰ পৰা জুইৰ দপদপনি প্ৰত্যক্ষ কৰি হুৱা দুৱা লগায়। লগে লগে ঘটনাস্থলীত ওচৰ চুবুৰীয়া আহি জুই নুমাবলৈ প্ৰচেষ্টা কৰে যদিও বিফল হয়। স্থানীয় ৰাইজে বৰপেটা অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰে যদিও নিৰ্বাপক বাহিনী ঢুকি পোৱাৰ আগতে সম্পূৰ্ণ বাসগৃহটো জ্বলি ছাই হৈ যায়। অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে পথাৰৰ মাজত প্ৰবেশ কৰাত অসুবিধাৰ সৃষ্টি হোৱাত নিৰ্বাপন অবিহনেই জুই লগা প্ৰত্যক্ষ কৰিও উভটিবলৈ বাধ্য হৈছে। অগ্নিকাণ্ডত দিন হাজিৰা কৰা ছেৰাজুল আলীৰ  ৪ টা কোঠাযুক্ত বাসগৃহ, ১০ টা ছাগলী, ৫ টা গৰু, হাঁহ, কুকুৰা আদি পশুধনৰ লগতে সোণৰ গহনাসহ বহুতো সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।