NORTHEAST NOW (Assamese)
অসম

বৰমাত নৈপৰীয়া ৰাইজৰ লগত মথাউৰি মেৰামতিত নামিল ভাৰতীয় সেনা

Posted by: শশাংক তালুকদাৰ April 22, 2018 5:12 pm
বৰমাত নৈপৰীয়া ৰাইজৰ লগত মথাউৰি মেৰামতিত নামিল ভাৰতীয় সেনা

বাৰিষাৰ আগজাননীৰ লগে লগে শংকিত হৈ পৰিছে বাক্সা জিলাৰ নৈপৰীয়া ৰাইজ। চৰকাৰৰ পৰা কোনো সঁহাৰি নাপায় সেনাৰ সহায়ত ভগা মথাউৰি মেৰামতিৰ বাবে আজি বৰমাত শ শ পুৰুষ- মহিলা ওলাই আহে ৷

উল্লেখযোগ্য যে বাক্সা জিলাৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰা পাগলাদিয়া নৈৰ প্ৰবল সোঁতে প্ৰতি বছৰে তাণ্ডৱ সৃষ্টি কৰি আলাগজাৰ, কালজাৰ, বৰজাৰ, সুৰাদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক জ্বলা-কলা খোৱাই থকাৰ পিছতো ৰাইজে চৰকাৰৰ জলসম্পদ বিভাগৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।

চলিত বৰ্ষত এনৰেগা আঁচনিৰ অধীনত কালজাৰ গাঁৱৰ ভগা মথাউৰি মেৰামতিৰ বাবে অনুদান লাভ কৰিছিল যদিও আঁচনিৰ ধন সম্পূৰ্ণ মোকোলাই নিদিয়াৰ ফলত আজি পৰ্যন্ত মেৰামতিৰ কাম আধৰুৱা হৈ আছে।

সেয়ে চৰকাৰৰ আশা বাদ দিয়া অঞ্চলটোৰ নৈপৰীয়া ৰাইজে আজি বৰমাস্থিত ভাৰতীয় সেনাৰ ১৫ নং জাট ৰেজিমেন্টৰ সহায়ত  নিজে মথাউৰি মেৰামতিৰ কামত হাতে-কামে লাগে।

ভুক্ত ভোগী ৰাইজে বিগত ২৫/৩০ বছৰে বানপানীৰ সমস্যাত ভূগি সৰ্বস্বান্ত হোৱাৰ কথা ব্যক্ত কৰি মনৰ ক্ষোভ প্ৰকাশ কৰে ৷

এতিয়া প্ৰশ্ন হয় যে চৰকাৰে এই সকল নৈপৰীয়াৰ দুখ-বেদনা অনুভব কৰি তেওঁলোকৰ দীৰ্ঘদিনিয়া সমস্যাটো সমাধান কৰিবনে?