NORTHEAST NOW (Assamese)
অসম

বৰলুইতেৰে শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতুৰি অভিলেখ গঢ়িবলৈ সাজু চতিয়াৰ বসন্ত দাস

Posted by: অনিৰ্বাণ পাঠক May 9, 2018 7:01 pm
872210e4-6efb-4e56-96b2-8bca36f92657

বৰলুইতৰ বুকুৰে শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতুৰি অভিলেখ গঢ়াৰ প্ৰস্ততি চলাইছে বিশ্বনাথ জিলাৰ চতিয়াৰ ২৬ বছৰীয়া বসন্ত দাসে। তাৰ বাবে প্ৰতিদিনে চাৰি-পাঁচ ঘণ্টাকৈ সাঁতোৰৰ অনুশীলন অব্যাহত ৰাখিছে যুৱকজনে।

উল্লেখযোগ্য যে বসন্ত দাস দুঃসাহসিক কলা-কৌশলী আৰু সমৰকলাৰ এগৰাকী প্ৰশিক্ষক। চতিয়াৰ গুণৰাম দাসৰ পুত্ৰ বসন্তই ইতিমধ্যে বিভিন্ন দুঃসাহসিক কলা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২৫ টাকৈ পদক লাভ কৰিবলৈও সক্ষম হৈছে। তদুপৰি, তেওঁ ইণ্টাৰনেশ্যনেল অ’নডাৰ বুক অব ৰেকৰ্ডৰ অসমৰ ক’-অৰ্ডিনেটৰ হিচাপেও নিযুক্তি লাভ কৰিছে।

ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতোৰৰ স্বপ্ন বুকুত বান্ধি লোৱা যুৱকজন ২০১৫ চনৰ ২১ নৱেম্বৰত গহপুৰৰ গমিৰিঘাটৰ পৰা কলিয়াভোমোৰা দলঙলৈ ১৪১ কি. মি. একেৰাহে ১২ ঘণ্টা ৫ মিনিটত সাঁতুৰি অভিলেখ সৃষ্টি কৰিছিল। তেওঁ সাঁতুৰি থকা অৱস্থাতে বাঁহী, পেঁপা, শংখ, তাল আদি বাদ্য বজাই চমক সৃষ্টিও কৰিছিল। এই প্ৰদৰ্শনেৰে বসন্ত দাসে “ই্ণ্ডিয়া বুক অব ৰেকৰ্ডচ, এচিয়ান বুক অব ৰেকৰ্ডচ, এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচ, আচাম বুক অব ৰেকৰ্ডচ এভাৰেষ্ট বুক অব ৰেকৰ্ডচ, জিনিয়াছ বুক অব ৰেকৰ্ডচ, অনলাইন ৱৰ্ল্ড ৰেকৰ্ডচ, ইউ আৰ এফ গ্ল’ৱেল এৱাৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম আদিত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছিল।

b267d609-6ddd-4e10-9e5d-b2b6d1caa5ac

পৰৱৰ্তী সময়ত বিগত পহিলা এপ্ৰিলত তেওঁ পুনৰ বুৰৈ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ মুঠ ২০ কি. মি. দূৰত্ব ১-৩০ মিনিটত সাঁতুৰি অতিক্ৰম কৰিছিল। বসন্ত দাসে সাঁতোৰাৰ উপৰিও ২০১৩ চনৰ ২৬ জুলাইত মটৰ চাইকেলৰ হেণ্ডেল স্পৰ্শ নকৰাকৈ ৭৫ কি. মি. চলোৱাৰ উপৰিও চলন্ত অৱস্থাত ঢোল, তাল, বাঁহী, মঁ’হৰ শিঙৰ পেঁপা, শংখ, খোল-ডগৰ, নাগাৰা আদি বজাই অভিলেখ সৃষ্টি কৰি ইণ্ডিয়ান বুক অব ৰেকৰ্ডচ আৰু এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

তেওঁ ২০১৬ চনৰ ২৬ জুলাইত এখন মটৰচাইকেলত ১৬ জন আৰোহী উঠাই বিশ্বনাথ চাৰিআলিৰ পৰা চতিয়ালৈ ১২ কি. মি. দূৰত্ব ২৩ মিনিটত অতিক্ৰম কৰি লিমকা বুক অব ৰেকৰ্ডচ, ভাৰত বুক অব ৰেকৰ্ডচ, গ’ল্ডেন ষ্টাৰ ৱৰ্ল্ড ৰেকৰ্ড, ভাৰত ৱৰ্ল্ড ৰেকৰ্ড, চেম্পিয়ন ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়ান আইকান, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, আন্ধ্ৰা বুক ৰেকৰ্ডকে ধৰি মুঠ ১৩ টা অভিলেখ গঢ়িবলৈ সক্ষম হয়।

দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত অসমলৈ আৰু অধিক সুনাম কঢ়িয়াই অনাৰ দুৰ্বাৰ হেঁপাহ প্ৰতিভাৱান খেলুৱৈ বসন্ত দাসৰ। কিন্তু তাৰ বাবে তেওঁ সন্মুখীন হৈছে আৰ্থিক অসুবিধাৰ। সেয়ে আৰ্থিক সাহায্য আৰু উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাইছে যুৱকজনে।