NORTHEAST NOW (Assamese)
অসম

বৰাকত অব্যাহত আছিফা বানোৰ ধৰ্ষণৰ প্ৰতিবাদ

Posted by: শিৱাশিস চক্ৰৱৰ্তী April 18, 2018 12:38 pm
AsifaProtest

সমগ্ৰ দেশকে জোকাৰি যোৱা কাঠুৱাৰ ৮ বছৰীয়া আছিফা বানোৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ লোমহৰ্ষক ঘটনাৰ প্ৰতিবাদ বিভিন্ন ঠাইত অব্যাহত থকাৰ লগতে বৰাক উপত্যকাতো এই প্ৰতিবাদ এতিয়াও ছেগা-চোৰোকাকৈ চলি আছে। উপত্যকাটোৰ লোকসকলে এই ঘটনাটোৰ প্ৰতিবাদত সমদল-সমাৱেশ বাহিৰ কৰাৰ লগতে অপৰাধীকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

আনকি অঞ্চলটোৰ বিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীসকলেও এই ঘটনাটোৰ প্ৰতিবাদত অংশ লোৱা দেখা গৈছে। বদৰপুৰ ৰেইলৱে চহৰখনৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ মানৱ শৃংখল উলিয়ায়। ইয়াত বিভিন্ন বিদ্যালয়ৰ ১ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ অছিফাক ন্যায় দিয়াৰ দাবী তোলে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে।

উল্লেখযোগ্য যে উপত্যকাটোৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু অন্যান্য ঠাইতো দৈনিক এনেকুৱা প্ৰতিবাদ হৈয়ে আছে আৰু প্ৰতিবাদকাৰীসকলে নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ঘটনাটো জড়িতসকলৰ প্ৰতি ঘৃণা প্ৰকাশ কৰে। লগতে অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰে।

আনহাতে বিগত মাহত সংঘটিত হাইলাকান্দিৰ ১৩ বছৰীয়া কিশোৰী গিনিৰাম ৰিয়াঙৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাটোৰ প্ৰতিবাদতো উপত্যকাটোৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কাঠুৱাত মন্দিৰৰ ভিতৰত এজনী ৮ বছৰীয়া ছোৱালীক দলবদ্ধ ধৰ্ষণৰ প্ৰতিবাদ অধিক ব্যাপক হোৱা দেখা গৈছে।