NORTHEAST NOW (Assamese)
অসম

বৰাকৰ শিল্পীৰ মনোমোহা অনুষ্ঠানেৰে ব্যতিক্ৰম মাচডোৰ ‘বিহু উইথ বৰাক’

Posted by: এন ই নাও নিউজ April 7, 2018 4:59 pm

অসমৰ সবাতোতকৈ ডাঙৰ উৎসৱ ব’হাগ বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে কালি অৰ্থাৎ ৬ এপ্ৰিলত ব্যতিক্ৰম মাচডোয়ে বিহুক অন্যভাৱে উদযাপন কৰিলে।

জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘বৰাকৰ লগত বিহু’ বা ‘বিহু উইথ বৰাক’ শীৰ্ষক এইবাৰৰ প্ৰাক্-বিহু উদ্যাপন অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল বৰাক উপত্যকাৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন অনুষ্ঠান।

এই প্ৰসঙ্গত ব্যতিক্ৰম মাচডোৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই কয়, ‘আমাৰ ৰাজ্যৰ প্ৰধান উৎসৱ হ’ল বিহু। বসন্ত কাল আহিলেই উৎসৱৰ আনন্দত মতলীয়া হয় সমগ্ৰ অসম। আমিও তাৰ অংশীদাৰ হ’ব বিচাৰিছো প্ৰাক্-বিহু উদযাপনৰ মাধ্যমেৰে।’

এই অনুষ্ঠানতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্তৰ লগতে সাহিত্যিক ড০ বিপাশৰঞ্জন হালদাৰ আৰু শিক্ষাবিদ তথা প্ৰফেচৰ ড০ শংকৰ ভট্টাচাৰ্যক সম্বৰ্ধনা জানোৱা হয়।

অনুষ্ঠানত স্বামী সাধনানন্দ মহাৰাজ, ৰবীন্দ্ৰ বিশেষজ্ঞ ড০ উষাৰঞ্জন ভট্টাচাৰ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল

সংগীত-নৃত্যৰ লগতে উক্ত প্ৰাক্-বিহু উদযাপনৰ অন্যতম আকৰ্ষণ আছিল ট্ৰেডিশ্বনেল ফিউজন ওৱাক, য’ত প্ৰথাগত সাজত বোৱাৰীসকলে ৰেম্পট খোজ দিলে। সংঘমিত্ৰা ডেকা ভূঞা, ড০ আভা দিহিঙ্গীয়া, সুনীতা দেৱ, পূজা সৰকাৰ ঘোষ, অনামিকা শৰ্মা দেউৰী, পল্লৱী দাস, অনামিকা গোৱেঙ্কা ইত্যাদীয়ে উক্ত ফিউজন ৱাকত অংশগ্ৰহণ কৰিছিল।

ফিউজন ৱাকৰ পিছতে অৰুন্ধতী দত্তই নৃত্য পৰিৱেশন কৰাৰ লগতে সুদেষ্ণা সেনে গীত পৰিৱেশন কৰিলে। তেওঁলোকৰ  উপৰি আনকেইবাগৰাকী শিল্পীয়েও নৃত্য-গীতৰ অনুষ্ঠান পৰিৱেশন কৰে।

উল্লেখযোগ্য যে এইবাৰৰ সৈতে ব্যতিক্ৰম মাচডোৰ প্ৰাক্-বিহু উদ্যাপনে চতুৰ্থ বৰ্ষত পদাৰ্পণ কৰিলে। এইবাৰ তেওঁলোকক সহযোগ কৰে ভাৰত চৰকাৰৰ নৰ্থ-ইষ্ট জোনাল কালচাৰেল চেন্টাৰ, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ডালমিয়া ভাৰত চিমেন্ট।