NORTHEAST NOW (Assamese)
অসম

বিগ ব্ৰেকিং : বৰাক উপত্যকাত সুকীয়া ৰাজ্যৰ দাবী সদৌ কাচাৰ-কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ

Posted by: অপর্ণা লস্কৰ July 11, 2018 5:57 pm
Barak-570x320

সদৌ কাচাৰ-কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থা, চমুকৈ অকছাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ে আজি বৰাক উপত্যকাৰ বাবে এখন সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিছে।

প্ৰদীপ দত্ত ৰয়ে কৈছে, ‘‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুদ্ধিজীৱী, ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনে দিনৰ পাছত দিন ধৰি বৰাক উপত্যকাৰ লোকসকলক বিদ্ৰুপ কৰি আহিছে। এইদৰেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলে দক্ষিণ অসমত বাস কৰা লোকসকলৰ অস্তিত্বকেই আক্ৰমণ কৰিছে যাৰ ফলত এইখন ৰাজ্যৰ পৰা পৃথক হৈ যোৱাটোৱেই এই অসন্মানজনক অৱস্থাৰ একমাত্ৰ শান্তিপূৰ্ণ সমাধান হ’ব।’’

অসমীয়া ভাষাক বৰাক উপত্যকাত চৰকাৰী ভাষা হিচাপে অনুমোদন কৰিবলৈ দিয়া মন্তব্যৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীক সমালোচনা কৰি .প্ৰদীপ দত্ত ৰয়ে কৈছে, ‘‘বাংলা হৈছে বৰাক উপত্যকাৰ চৰকাৰী ভাষা আৰু আমি এই কৰ্তৃত্ব মানি ল’ব নোৱাৰোঁ। হয়তো তেওঁ মুৰ্খ নহ’লে তেওঁ নাজানে যে ১৯৬১ চনত আমি এই ভাষাটোক ইয়াত প্ৰতিষ্ঠা কৰাৰ বাবে যুদ্ধ কৰিছিলোঁ।

তেওঁ আৰু কয় যে বৰাক উপত্যকাক অধিক অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি দলৰ দৃষ্টিভংগী অতি স্পষ্ট। আৰু যদিহে এই অঞ্চলটোক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে আৰু অধিক ভাল হয়।

প্ৰদীপ দত্তই আৰু কয় যে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে কেইদিনমান আগতে গুৱাহাটীত ৰুজু হোৱা গোচৰটোৰ বিপক্ষে তেওঁ যুঁজ কৰি যাব।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৬ মে’ত প্ৰদীপ দত্ত ৰয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াৰ পৰা বিচাৰক ৰঞ্জন গগৈক অপসাৰণ কৰাৰ বাবে আবেদন জনাই এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই কাৰণেই প্ৰদীপ দত্ত  ৰয়ৰ বিৰুদ্ধে  একাংশ লোক জাঙুৰ খাই উঠিছিল।