NORTHEAST NOW (Assamese)
অসম

ভইচ অব কিডছ-২ৰ বিজয়ী মানসী চহৰীয়াক ৫০ হাজাৰ টকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ April 4, 2018 12:34 pm
Manashi

&TV –এ আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা Voice India Kids-2 ৰ খিতাপ জিকি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা দৰঙৰ উদমাৰী গাৱঁৰ মানসী চহৰীয়াক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫০ হাজাৰ টকা প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালৰ আহ্বান মৰ্মে পৰিয়ালৰ লোকৰ সৈতে অসম বিধান সভাৰ সচিবালয়ত  ৩ এপ্ৰিলত তেওঁক লগ কৰে মানসীয়ে। মুখ্য মন্ত্ৰীয়ে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ চে’ক প্ৰদান কৰে৷

ষষ্ঠ শ্ৰেণীৰ ১১ বছৰীয়া মানসীয়ে মুম্বাইস্থিত &TV য়ে আয়োজন কৰা Voice India Kids-2 ৰ মূল প্ৰতিযোগিতাৰ বিজয়ী হৈছিল।

সাক্ষাৎ কালত প্ৰতিভাশালী শিশু মানসীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে অলপতে চুম্বন বিতৰ্কই কণ্ঠশিল্পী পাপনৰ নেতৃত্বত যোৱা অসমৰ শিশু শিল্পীৰ দলটোৰ সন্মুখত বিভিন্ন অসুবিধাৰ সৃষ্টি কৰিছিল। কিন্তু এইবোৰ বাধা নেওচি মানসীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত বিজয়ীৰ হাঁহি মাৰিব পাৰিলে। মানসীক এই সাফল্যৰ বাবে ৰাজ্যৰ বিভিন্ন দল সংগঠনে আদৰণি তথা শুভেচ্ছা যাচিছে।