NORTHEAST NOW (Assamese)

গুৱাহাটীত সফলতাৰে চলিছে ভাইব্ৰেণ্ট নৰ্থ ইষ্ট এক্সপ’

May 4, 2018 12:17 pm · এন ই নাও নিউজ

উত্তৰ- পূবক দেশৰ অন্যান্য অংশৰ লগত সমানে আগুৱাই নিয়াৰ উদ্দেশ্যে আৰম্ভ হোৱা তিনিদিনীয়া ভাইব্ৰেণ্ট নৰ্থ ইষ্ট এক্সপ’ সফলতাৰে চলি আছে।

পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰাত অনুষ্ঠিত এক্সপ’খন চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইণ্ডিয়ান কাউন্সিল অৱ ফুড এণ্ড এগ্ৰিকালচাৰৰ যৌথ সহযোগিতাত অনুষ্ঠিত কৰা হৈছে। মিজোৰামৰ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ সচিব পিএল থাংগাই উদ্ধোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই কয়— ‘উত্তৰ- পূৰ্বাঞ্চলৰ এক চহকী ইতিহাস আছে। কৃষি ক্ষেত্ৰত এই অঞ্চলৰ সম্ভাৱনীয়তা বহু বেছি।সেয়েহে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই খণ্ডৰ বিকাশৰ বাবে কেতবোৰ নতুন আঁচনি গ্ৰহণ কৰিছে।কৃষক সকলক লাভাৱান্বিত কৰিবলৈ তেওঁলোকক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংযোগ স্থাপন কৰি দিবলৈ এক্সপ’খনৰ আয়োজন কৰা হৈছে।‘

আনহাতে একেটা অনুষ্ঠানতে চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ অধ্যক্ষ ড০ আনিছ আনছাৰিয়েও ভাষণ প্ৰসংগত কৃষি খণ্ডত উত্তৰ- পূবৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে।

উল্লেখযোগ্য যে এক্সপ’খনত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, মহিলা আৰু শিশু উন্নয়ন, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে বিভিন্ন বিষয়ক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত এনচিডিচিৰ পৰিচালন সঞ্চালক সুদীপ কুমাৰ নায়কৰ লগতে ভালেকেইটা চৰকাৰী বিভাগৰ কৰ্মকৰ্তা উপস্থিত আছিল।

 

Related News