NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কুমুদ চন্দ্ৰ কলিতাক ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ January 9, 2018 7:55 pm
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কুমুদ চন্দ্ৰ কলিতাক ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

গ্ৰেপ্তাৰ হোৱা ভাৰতীয় প্ৰশাসনীয় বিষয়া কুমুদ চন্দ্ৰ কলিতাক মঙলবাৰে এখন বিশেষ ন্যায়াধীশৰ আদালতে ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

সমাজ কল্যাণ বিভাগত সংঘটিত ২,০০০ কোটি টকীয়া কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোমবাৰে কলিতাক গ্ৰেপ্তাৰ কৰা হৈছিল।

৫৮ বছৰীয়া কলিতাই ২০১৪ আৰু ২০১৫ চনত বিভাগটোৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে উক্ত কেলেংকাৰীটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বহুদিন আত্মগোপন কৰি থকা কলিতাক শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে কলিতাৰ বিষয়ে তথ্য দিওঁতাক ১ লাখ টকাৰ নগদ উপহাৰৰ কথা ঘোষণা কৰিছিল।

দুৰ্নীতিৰ অভিযোগত নিলম্বিত কলিতা হৈছে বহু কোটিটকীয়া কেলেংকাৰীটোত অভিযুক্ত ১১ গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী ব্যক্তি। এতিয়ালৈকে ৮ গৰাকী বিষয়াক অসম আৰক্ষীৰ নিৰীক্ষণ তথা দুৰ্নীতি নিবাৰক বিভাগে গ্ৰেপ্তাৰ কৰিছে।

আন এক ঘটনাত অপৰাধ অনুসন্ধান শাখাই কৃষি বিভাগত সংঘটিত বহু কোটিটকীয়া কেলেংকাৰীত জড়িতৰ অভিযোগত দুজন ঠিকাদাৰ পীযুষ কান্তি দে আৰু অজিত ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক বিশেষ আদালতত হাজিৰ কৰাৰ পিছত তিনিদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।