NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় সেনাৰ নৱনিৰ্মিত বহু মুখী কমিউনিটী হ’ল উদ্ধোধন

Posted by: ৰিনয় বসুমতাৰী January 25, 2018 7:26 pm
কমিউনিটি হল

ভাৰতীয় সেনাৰ তৃতীয় ৰাজপুত ৰেজিমেণ্টৰ অপাৰেচন সদ্ভাৱনাৰ আধাৰত নৱনিৰ্মিত কমিউনিটী হ’ল  আজি উদ্ধোধন কৰা হয়। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোচুগাঁও মহেন্দ্ৰপুৰ নামৰ ভিতৰুৱা গাঁৱত সেনা বাহিনীয়ে গ্ৰাম্য অঞ্চলৰ বিভিন্ন ধৰণৰ সভা, মেল  তথা কাৰ্য্যসূচী উদযাপন কৰিব পৰাকৈ নিৰ্মাণ কৰি দিয়া নৱ নিৰ্মিত কমিউনিটী হ’লখন আজি শুভ উদ্ধোধন কৰে বি টি চিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই। কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই নৱ নিৰ্মিত কমিউনিটী হ’লখন শুভ উদ্বোধন কৰি উক্ত অঞ্চলৰ কণ কণ ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলৰ উদ্দেশ্যি নিজৰ বক্তব্যৰ জৰিয়তে দেশৰ ৰক্ষক হিচাপে সেৱা আগবঢ়াই অহা সেনা বাহিনীয়ে এনেদৰে জনকল্যানমূলক আঁচনিৰ আধাৰত কমিউনিটী হ’ল নিৰ্মাণ কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ সকলোকে সেনা বাহিনীৰ দৰে দেশ সেৱা কৰিবলৈ সেনা বাহিনীৰ চাকৰিত যোগদান কৰিবলৈ শিক্ষাৰ লগতে বিভিন্ন খেল ধেমালিত দক্ষতা সম্পন্ন হ’বলৈ আহ্বান জনায়। আজিৰ শুভ উদ্ধোধন কাৰ্য্যসূচীত  কোকৰাঝাৰৰ পাথৰঘাটৰ তৃতীয় ৰাজপুত ৰেজিমেণ্টৰ কেম্পৰ উচ্চপদস্থ বিষয়া আৰু বহু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।