NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় এথলীট দলৰ সৈতে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে অসম কন্যা হিমা দাস

Posted by: এন ই নাও নিউজ March 17, 2018 12:19 pm
Hima Das

অহা মাহত অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত কমনৱেল্থ গেমছ প্ৰতিযোগিতাত অংশ ল’বলৈ ভাৰতীয় এথলীট দলৰ সৈতে উপস্থিত হৈছে অসম কন্যা হিমা দাস ।

উল্লেখ্য যে সদ্যসমাপ্ত ফেডাৰেইশ্যন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ ২০০ আৰু ৪০০ মিটাৰ শাখাত এথলীট হিমাই স্বৰ্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

এই সাফল্যৰে হিমাই সমগ্ৰ দেশৰ এথলেটিকছ জগতত খলকনি তোলাৰ লগতে নিজৰ প্ৰচুৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে।

তেওঁৰ এই সাফল্যক লৈ ৰাজ্য তথা দেশৰ ক্ৰীড়া মহল এতিয়া স্বাভাবিকতে গৌৰাৱান্বিত।

অসমৰ এথলেটিকছৰ নতুন আশা তথা ভাৰতৰ সপোন হিমা দাস ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠাৰ লগে লগেই এতিয়া কমনৱেল্থ গেইমছত পদক বিজয়ৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।