NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ ধৰ্মনিৰপেক্ষতা বৈশিষ্ট্য আঁতৰাই দিলে মুছলমানতকৈ বেছি অত্যাচাৰৰ বলি হ’ব দলিতসকল : মনোজ শৰ্মা

Posted by: অনিৰ্বাণ পাঠক June 16, 2018 8:41 pm
ভাৰতৰ ধৰ্মনিৰপেক্ষতা বৈশিষ্ট্য আঁতৰাই দিলে মুছলমানতকৈ বেছি অত্যাচাৰৰ বলি হ’ব দলিতসকল : মনোজ শৰ্মা

“বিজেপিয়ে কৈ থকাৰ দৰে যদি ধৰ্মনিৰপেক্ষ চৰিত্ৰ ভাৰতৰ সংবিধানৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়া আটাইতকৈ বেছি অত্যাচাৰৰ সন্মুখীন হ’ব দলিত আৰু আদিবাসী সকল। মুছলমানসকলক লক্ষ্য কৰি বিজেপিয়ে এনে মন্তব্য কৰে যদিও ভাৰতৰ ধৰ্মনিৰপেক্ষতা শব্দটো দলিত-আদিবাসীসকলৰ মুছলমানকৈ বেছি ওচৰ চপা।” এই মন্তব্য লেখক তথা সমালোচক মনোজ শৰ্মাৰ।

শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ‘ধৰ্মনিৰপেক্ষতা আৰু ভাৰতবৰ্ষৰ সংবিধান’ শীৰ্ষক বক্তৃতা আগ বঢ়াই মনোজ শৰ্মাই কয়, “ধৰ্মৰ জৰিয়তে উন্নত শ্ৰেণীটোৱে অনুন্নত শ্ৰেণীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। ধৰ্মীয় কাম-কাজবোৰত সদায় উন্নত শ্ৰেণীটোৰ ৰীতি-নীতি বিলাকেহে স্থান পায়।” তেওঁ লগতে কয় যে ধৰ্মনিৰপেক্ষতা নাথাকিলে দলিত আৰু আদিবাসীসকলৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত উচ্চ শ্ৰেণীটোৰ হেঁচা পৰিব।

ইয়াৰ উপৰি বক্তাগৰাকীয়ে প্ৰযুক্তি যিমানে আগ বাঢ়িব সিমানে ধৰ্মীয় উন্মাদনা আৰু সাম্প্ৰদায়িকতা বাঢ়িব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ধৰ্মীয় দিশত প্ৰভাৱ বিস্তাৰ কৰি অহা সমাজৰ তথাকথিত উচ্চ শ্ৰেণীটোৱে এতিয়া ছ’চিয়েল মিড়িয়াকে ধৰি বিভিন্ন আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিজস্ব ধৰ্মীয় চিন্তাধাৰা বিয়পাই আছে। যিয়ে পিছপৰা শ্ৰেণীটোক প্ৰভাৱান্বিত কৰি আছে আৰু বিভিন্ন সময়ত তাৰ নেতিবাচক দিশো প্ৰতিফলিত হ’য় বুলি তেওঁ মন্তব্য কৰে।

নিজৰ বক্তব্যত মনোজ শৰ্মাই ধৰ্মনিৰপেক্ষতা বিষয়টো সামাজিক ন্যায়ৰ আধাৰতহে প্ৰতিষ্ঠিত বুলি মন্তব্য কৰি কংগ্ৰেছক সামাজিক ন্যায়ৰ যুক্তিক আগত ৰাখিহে বিজেপিৰ ‘হিন্দুত্ব’ৰ নীতিৰ বিৰুদ্ধে ৰাইজৰ মাজলৈ ধৰ্মনিৰপেক্ষতাৰ নীতি লৈ যোৱাৰ আহ্বান জনায়।

একেটা অনুষ্ঠানতে শৰ্মাই ব্ৰিটিছসকলক প্ৰশংসা কৰি কয়, “ভাৰতলৈ ব্ৰিটিছসকল ভাৰতলৈ নহা হ’লে ভাৰতত সামাজিক বৈষম্য আজিলৈ চলি থাকিল হেঁতেন। ভাৰতত আধুনিকতা বহুত পলম হ’ল হেঁতেন।” তেওঁ এনে কথাৰ বাবেই ৰবীন্দ্ৰনাথ ঠাকুৰ, বি আৰ আম্বেদকাৰেও ব্ৰিটিছক প্ৰশংসা কৰিছিল বুলিও কয়। ইয়াৰ উপৰি তেওঁ কয় যে ব্ৰিটিছসকলে দলিতসকলক আন ভাৰতীয়ৰ সৈতে সম অধিকাৰ আৰু কথা ক’ব পৰা এখন মঞ্চ দিছিল বুলি কৈ সেই বাবেই বহু দলিত লোকেও ব্ৰিটিছক প্ৰশংসা কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

একেটা বক্তৃতানুষ্ঠানতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, “ভাৰতবৰ্ষ পৃথিৱীৰ একমাত্ৰ দেশ য’ত সকলো ধৰ্মৰ মানুহ আছে। গতিকে ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিব নোৱাৰিলে ভাৰতৰ মৌলিকতা জীয়াই নাথাকিব।” তেওঁ লগতে কংগ্ৰেছৰ চিন্তাক এটা চামে বিভ্ৰান্তিকৰ তথ্য আৰু ব্যাখ্যাৰে ধ্বংস কৰাৰ চেষ্টা চলাই থকা বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে শনিবাৰৰ এই অনুষ্ঠানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মন, শৰৎ বৰকটকী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰিকে কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।