NORTHEAST NOW (Assamese)

ভাৰত-বাংলা সম্পৰ্কত এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় : বিদেশ মন্ত্ৰালয়

August 10, 2018 12:49 pm · ৰাজীৱ ৰয়

ভাৰত-বাংলাৰ দ্বিপাক্ষিক সম্পৰ্কত অসমৰ এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় বুলি বৃহস্পতিবাৰে স্পষ্ট কৰিছে নতুন দিল্লীয়ে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে নতুন দিল্লীয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ আগে পিছে ঢাকাৰ সৈতে সুক্ষ্মভাৱে নজৰ ৰাখিছে।

‘’ আমি আমি তেওঁলোকক (বাংলাদেশক) আশ্বাস দিছো যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এইখন এখন খচৰা তালিকাহে আৰু অসমৰ নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া এতিয়াও চলি আছে,’’-বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰৱীশ কুমাৰে কয়।

এন আৰ চি কৰ্তৃপক্ষই ৩.২৯ কোটি আবেদন লাভ কৰিছিল। অলপতে প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ খচৰাত অসমৰ ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।

বৈদেশিক মন্ত্ৰালয়ে জানিব দিয়ে যে এন আৰ চিৰ খচৰা তালিকাই বাংলাদেশৰ সৈতে ভাৰতৰ ‘সুমধুৰ’ সম্পৰ্কত প্ৰভাৱ নেপেলায়।‘’

‘’বাংলাদেশ চৰকাৰৰ মতামত হ’ল এই যে এন আৰ চিৰ চলি থকা প্ৰক্ৰিয়াটো ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়,’’- কুমাৰে কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে পূৰ্বে এই বাৰ্তা বাংলাদেশৰ বিদেশ মন্ত্ৰীক অৱগত কৰিছিল।

যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছৰে পৰা ভাৰতত এক ব্যাপক ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে আৰু বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ নিজা নিজা কাৰ্যসূচী প্ৰক্ষেপ কৰিছে।

Related News