NORTHEAST NOW (Assamese)

ভাৰত-বাংলা সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

January 16, 2018 9:05 pm · এন ই নাও নিউজ
ভাৰত-বাংলা সীমানত ছীল কৰা সম্পৰ্কত পূৰ্বৰ এক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সোণোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম কাজকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।

আলোচনাকালত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আংশিক খচৰা প্ৰকাশৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজৰ ওপৰত আলোচনা কৰা হয়। আলোচনা কালত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নাগৰিকপঞ্জীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহযোগিতাৰে এন আৰ চি কৰ্তৃপক্ষক সহায় সহযোগিতা আগবঢ়োৱাৰ দিশতো আলোচনা কৰা হয়।

আলোচনাকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা কাম-কাজৰ অগ্ৰগতিৰ বিষয়সমূহ খৰচি মাৰি আলোচনা কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ২০১৮ বৰ্ষৰ ডিচেম্বৰ  মাহৰ ভিতৰত ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ লক্ষ্য স্থিৰ কৰি সেইমতে কামত অগ্ৰসৰ হোৱাৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হয়।

আজিৰ বৈঠকতে ভাৰত-ভূটান সীমান্ত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন আৰু আন্তঃগাঁথনি উন্নয়ন সাধন, ক্ৰীড়া আৰু সাংস্কৃতিক চৌহদ নিৰ্মাণ সম্পৰ্কেও আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ কাম-কাজত ৰাজ্য চৰকাৰৰ সৈতে সম্পূৰ্ণ সহায় সহযোগিতাৰে আগবাঢ়িব বুলি কয়।

Related News