NORTHEAST NOW (Assamese)

ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্কৰ ৫০বছৰ পূৰ্তি উপলক্ষে ছিকিমত বিশেষ অনুষ্ঠান

February 11, 2018 2:42 pm · এন ই নাও নিউজ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে ৫০ বছৰীয়া দ্বিপাক্ষিক সম্পৰ্কৰ পূৰ্তি উপলক্ষ্যে আজি ছিকিমত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। হিন্দু হেৰিটেজ ফাউণ্ডেশ্যন আৰু ৱৰ্লড অৰ্গেনাইজেশ্যন অৱ ষ্টুডেণ্টছ এণ্ড য়ুথ, ছিকিমৰ উদ্যোগত গেংটকৰ সমীপৰ ৰাণীপুলত অনুষ্ঠিত অনুষ্ঠানটোত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

‘ভাৰতৰ বাবে ভূটান আৰু ভূটানৰ বাবে ভাৰত’ শীৰ্ষক অনুষ্ঠানটোত উপস্থিত থাকি ছিকিমৰ স্বাস্থ্য মন্ত্ৰী এ কে ঘাটানীয়ে কয়- দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক উন্নীতকৰণৰ জৰিয়তে দুয়ো দেশৰ পাৰস্পাৰিক সম্পৰ্ক যথেষ্ট উন্নত হ’ব।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভূটানৰ ৰজা-ৰাণীক জম্ম মাহৰ অভিনন্দন জ্ঞাপন কৰে।

আনহাতে প্ৰধান উদ্যোক্তা তথা হিন্দু হেৰিটেজ ফাউণ্ডেশ্যনৰ সমন্বয়ক প্ৰশান্ত হৰটলকাৰে অনুষ্ঠানটোত ঐতিহ্যময় অতীত, স্পণ্ডিত বৰ্তমান আৰু ভৱিষ্যৎ আকাংক্ষাৰ প্ৰতিফলন ঘটিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক ৰাহুল সিঙে হিন্দু হেৰিটেজ ফাউণ্ডেশ্যনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে।

আনহাতে ছিকিমত অনুষ্ঠিত অনুষ্ঠানটোত বহু সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে বহুকেইটা সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে।

এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে ভাৰত-ভূটান সম্পৰ্কই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

 

Related News